Poetry · Assamese
প্ৰতিটো টোপালত একোটি হাঁহি
এটি সৰু নল, এটি সৰু টোপাল,
এটি পৰিয়ালৰ বহুদিনীয়া আশা।
টেপৰ মুখেৰে পানী যেতিয়া নামে,
পৰিয়ালৰ মুখত আনন্দৰ হাঁহি আহে।
দিনবোৰ পাৰ হয় কামৰ মাজত,
কেতিয়াবা ৰ'দত, কেতিয়াবা বৰষুণত।
কেতিয়াবা ভাগৰ, কেতিয়াবা হাঁহি,
সহকৰ্মীৰ সৈতে কত যে কথা পাতি।
নালাগে কোনো ডাঙৰ স্বীকৃতি;
নালাগে প্ৰশংসাৰ দীঘলীয়া বাণী।
যেতিয়া শুনো পানী পোৱাৰ বতৰা,
তাতেই পাওঁ আমি আগবাঢ়ি যোৱাৰ নতুন প্ৰেৰণা।