Short story · Assamese

ভালেহে পায় ভালক

তগৰ বৰাই ইঞ্জিনিয়াৰিং কলেজত চাকৰি কৰে৷ সেয়ে ইঞ্জিনিয়াৰিং বিভাগৰ জ্ঞান তেওঁৰ অপৰিসীম৷ চকুৰে চায়েই সকলো কথা তন্নতন্নকৈ কৈ দিব পাৰে৷ আনহে নেলাগে ঘৰ বা বাউণ্ডেৰি ৱাল একোখনত হাতৰ আঙুলিৰে টোকৰ মাৰিয়েই কৈ দিব পাৰে চিমেণ্ট - বালিৰ অনুপাত নাইবা ইয়াত ব্যৱহাৰ কৰা ইটাৰ গুণগত মানদণ্ডৰ কথা৷ এই অপৰিসীম জ্ঞানৰ বাবেই তেওঁ ছাত্ৰ-ছাত্ৰী বা অন্য সকলোৰে মাজত তগৰ প্ৰফেচৰ হিচাবেহে জনাজাত হৈ পৰে৷

পিছে বেছি জনা বাবেহে তেওঁৰ সমস্যা এটা বাঢ়িল৷ বিয়াৰ বয়স প্ৰায় পাৰেই হ’ল, তথাপিও তেওঁৰ যোগ্য প্ৰাৰ্থী এগৰাকী ঠিক কৰিব পৰা নাই৷ ছোৱালী চাবলৈ নোযোৱাও নহয়৷ কিন্তু প্ৰায় সকলো ছোৱালীয়েই ভয় খায় ইমান জনা মানুহ এজনৰ লগত ভৱিষ্যতে সংসাৰ কৰিব পাৰিবনে নাই এই ভাৱি৷ তেওঁ পিছে বিবাহৰ বাবে ছোৱালী চাবলৈ গ’লে অকলেই যায়, লগত কাকো নিনিয়ে৷ অন্যহাতে, এই ক্ষেত্ৰত আনক লগত নিবলৈ ভালো নেপায়৷

অৱশেষত এদিন শেৱালি বৰুৱাৰ ঘৰ ওলালগৈ তগৰ বৰা৷ শেৱালিয়েও মেডিকেল কলেজত চাকৰি কৰে৷ তগৰ বৰাৰ দৰে শেৱালিৰো চিকিৎসা বিজ্ঞানৰ কথা মুখত আখৈ ফুটাৰ দৰে৷ ৰোগীয়ে ৰোগৰ কথা আৰম্ভ কৰাৰ লগে লগে তৎক্ষণাত ৰোগৰ বিধান দিয়েই দিব পাৰে শেৱালিয়ে৷ গুণ থাকিলে সকলো হয়৷ সেয়ে শেৱালি বৰুৱাও শেৱালি প্ৰফেচৰণী হিচাবেই সকলোৰে মাজত পৰিচিত হৈ পৰিল৷ শেৱালি প্ৰফেচৰণীৰ মাক-দেউতাকৰ লগত কথা-বতৰা পাতি তগৰে প্ৰথম দিনাই শেৱালিক পছন্দ কৰিয়েই পেলালে৷ হওক তেও, যোৰাও যোৰা পাভযোৰা৷ তগৰ প্ৰফেচৰে শেৱালি প্ৰফেচৰণীক বিয়া কৰাব৷ শেৱালি প্ৰফেচৰণীৰ মাক-দেউতাকেও  তাইৰ বাবে বহুত দৰা চাই আছিল৷ ইমানদিনে পছন্দহে হোৱা নাছিল৷ অৱশেষত প্ৰফেচৰে প্ৰফেচৰণীৰ পালে৷ সেয়ে দিন দীঘলীয়া নকৰি দুয়োঘৰে এমাহৰ ভিতৰতে বিয়াৰ দিন ঠিক কৰিয়েই পেলালে৷

নিৰ্দিষ্ট দিনত দুয়োৰে বিবাহ সম্পন্ন হ’ল৷ অৱশ্যে বিয়াৰ আয়োজন বৰ বেছি জাকজমকীয়া নকৰিলে দুয়োঘৰে৷ বিয়া সম্পন্ন হোৱাৰ পিছত শেৱালিৰ মাক-দেউতাকৰ লগতে তগৰ বৰাৰ মাক-দেউতাকেও  স্বস্তিৰ নিশ্বাস পেলালে৷ খোবাৰীৰ পিছত প্ৰথম নিশা ফুলশয্যাৰ সময় আহিল৷ সেইদিনাহে  দুয়োজনে ইজনে সিজনৰ ওচৰত ভালদৰে মুখামুখি হৈ কথা-বতৰা পতাৰ সুযোগ পালে৷ তগৰ প্ৰফেচৰেই প্ৰথমে আৰম্ভ কৰিলে --

------- কোৱাচোন শেৱালি৷ আমাৰ বিয়া খুব কম দিনৰ ভিতৰতে ঠিক হ’ল৷ আমি দুয়ো যোৱা এমাহত ভালদৰে কথা-বতৰা পতাৰ কোনো সুযোগেই নেপালো৷ আজিহে সেই সুযোগ পাইছো৷ আজি আমাৰ প্ৰথম নিশা৷ আজিৰপৰাই আমাৰ যুগ্ম জীৱন আৰম্ভ হ’ব৷ আমাৰ মৰম-চেনেহ, বিশ্বাসৰ ওপৰতেই ভৱিষ্যতৰ জীৱন অতিবাহিত কৰিব লাগিব৷ গতিকে মই তোমাক কথা এটা সোধো৷

------- সোধক, কি সোধে৷

------- তুমি বাৰু জীৱনত কাৰোবাক ফাঁকি দি পাইছিলানে ?

------- ফাঁকি --- ? অ’ দিছিলো৷ কিন্তু সেই ফাঁকিটো আপোনাকেই দিছিলো৷

------- মোক দিছিলা ? কিন্তু কি, ক’ত, কেতিয়া ফাঁকি দিছিলা, কোৱাচোন কোৱা সোনকালে৷

------- আপুনি প্ৰথম মোক চাবলৈ যোৱাৰ দিনাই ফাঁকি দিছিলো৷ মই আপোনাক শেৱালি বৰুৱা প্ৰফেচৰণী বুলি কৈছিলো যদিও প্ৰকৃততে মই প্ৰফেচৰৰ চাকৰি নকৰো নহয়৷ মানুহে মোক প্ৰফেচৰণী বুলি মাতেহে৷ মই মেডিকেল কলেজত নাৰ্চৰ চাকৰিহে কৰো৷

------- হা ৷ তুমি তাৰমানে প্ৰকৃততে নাৰ্ছৰ চাকৰিহে কৰা ?

------- অ’তো৷ আপুনি মোক প্ৰফেচৰণী বুলি মনতে ধৰি লৈ অন্য কথা নুসুধিলেই৷ মাত্ৰ মা-দেউতাৰ লগত কথা-বতৰা পাতি বিয়াৰ বন্দোৱস্ত কৰি তাৰিখেই স্থিৰ কৰিলে৷ বাৰু এতিয়া আপুনি মোক কওকচোন, আপুনি জীৱনত কাৰোবাক ফাঁকি দি পাইছিল নে নাই ?

তগৰ বৰাই তেতিয়া চিন্তিত হৈ মাত লগালে ---

------- এৰা শেৱালি, মইও তোমাকেই ফাঁকি দিছিলো তোমাক চাবলৈ যোৱাৰ প্ৰথম দিনাই৷

------- আপুনি মোক ফাঁকি দিছিল ? কিন্তু কি ফাঁকি ?

------- মই যে প্ৰথমদিনাই তোমালোকৰ ঘৰত তগৰ বৰা প্ৰফেচৰ বুলি কৈছিলো, প্ৰকৃততে মইও প্ৰফেচৰৰ চাকৰি নকৰো নহয়৷ মই ইঞ্জিনিয়াৰিং কলেজত ইন্সট্ৰাক্টৰৰ চাকৰিহে কৰো, বুজিছা ?

------- হা৷ তাৰমানে আমি দুয়োজনে ইজনে সিজনক ফাঁকি দি ঠগিলো৷

------- হয় দিয়া৷ আমি যিমান যি নকওঁ বা নকৰো, ভগৱানে আমাৰ যোৰাটো ঠিক কৰিয়েই ৰাখিছিল৷ সেইকাৰণে মানুহে কয় -- 'ভালেহে পায় ভালক, ----------- ৷