Memoir · Assamese

বৰপেটা সত্ৰৰ মধুৰ অভিজ্ঞতা

২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বৰপেটা সত্ৰত কাৰ্য্যনিৰ্বাহ কৰাৰ সুযোগ পাইছিলোঁ। মই যোগদান কৰাৰ কিছুদিন পিছতে বৰপেটা সত্ৰত হোলী উৎসৱ আৰম্ভ হৈছিল। মই কাৰ্য্যবাহী অভিযন্তা হিচাপে বিভাগৰ ফালৰ পৰা পানী আৰু অনাময়ৰ সুবিধাখিনি দৰ্শনাৰ্থীৰ বাবে কৰাইছিলোঁ।

হোলী উৎসৱত আগতে বৰপেটালৈ অহা নাছিলোঁ। ইয়াৰ জনসমাগম, বিভিন্ন কাৰ্য্যপ্ৰণালী, হোলী গীতৰ অনন্য মাদকতাৰ ভিতৰত সোমাই এক বিৰল অভিজ্ঞতা লাভ কৰিছিলোঁ। বন্ধুবৰ্গ আৰু সতীৰ্থ সকলৰ সৈতে হোলী খেলিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী হেলিকপ্তাৰেৰে বৰপেটালৈ অহা, নখাণ্ডাৰ পাৰৰ ছায়াৰাম হাইস্কুলৰ পথাৰত অবতৰণ কৰা দৃশ্য প্ৰত্যক্ষ কৰিছিলোঁ। বৰপেটাৰ লগতে আনবোৰ সত্ৰ যেনে বাৰাদী সত্ৰ, পাটবাউসী সত্ৰ, গণককুছি সত্ৰ, সুন্দৰীদিয়া সত্ৰ আদিলৈও গৈছিলো আৰু হোলীখেল উপভোগ কৰিছিলোঁ।

ইজনে সিজনক হোলী সনাৰ যি আনন্দ সেয়া মই আগতে অনুভৱ কৰা নাছিলোঁ। লগতে হোলীগীতৰ মাদকতা জীৱনৰ মধুৰ স্মৃতি হৈ ৰ’ল।