Poetry · Assamese

ছবি


কাইলৈ চাগে মই নাথাকিম

তথাপিও থাকিব মোৰ ছবিখন।

মই নাথাকিলে বাৰু এই পৃথিৱীত

কোনে পঢ়ি চাব

মোৰ আধৰুৱা জীৱনীখন!

মোৰ অন্তৰ-আত্মা হয়তো মৰি যাব,

তথাপিও হাঁহি থাকিব

মোৰ ছবিখনে।

নিজান বননিত পৰি ৰ’ম

মই অকলে,

হয়তো সিদিনা ও থাকিব লুকাই মোৰ ছবিখন

কাৰোবাৰ মৰমভৰা আঁচলৰ মাজতে।


মোৰ চকুযুৰি মুদ খালেও

সি চকুৰ পলক লৰচৰ নকৰিব,

মোৰ আশাৰ পাহি মৰহি গ’লেও

আজীৱন সি হাঁহিয়ে ৰ’ব!

দুচকুত অশেষ আশা লৈ

একে থিৰে সি তোমাৰ ফালে চাব,

সৌন্দৰ্যৰে ভৰা মোৰ কোমল শৰীৰ

হায়! মাটিত মিহলি হৈ যাব।

সিদিনা পৃথিৱীবাসীক

চিনাকি দিয়াৰ বাবে

ইয়াৰ বাহিৰে আৰু মোৰ লগত

কোনো অৱশেষে বাকী নাথাকিব।।


মই মৰাৰ পিছত কেতিয়াবা

তুমি মোৰ ছবিখন চাবা,

তেতিয়াও হাঁহি হাঁহি ই

মোৰ জীৱনৰ সুখ-দুখৰ

বতৰাবোৰ তোমাক দিব।

আশাভৰা মোৰ জীৱনৰ

প্ৰতিটো কথা ভাষাহীন স্বৰে

তোমাক চিঞৰি চিঞৰি ক’ব।

সিদিনা মাথোঁ সি বুজাব নোৱাৰিব,

মন-সাগৰত উঠা মোৰ মনৰ ব্যথা।

ফুটাব নোৱাৰিব মুখমণ্ডলত

পৃথিৱীবাসীক দেখা নোপোৱাৰ

বিৰহ-বেদনা।

মাথোঁ পৰি ৰ’ব

পৃথিৱীৰ কোনোবা এটি কোণত,

কোনোবা এটি চুকত,

মোৰ ভাষাহীন,

মোৰ আশাহীন,

প্ৰাণহীন,

নিৰ্বোধ

ছবিখন।।


“In Fond Memory of My Loving Mother”’