Cultural essay · Assamese
দেউৰী জনগোষ্ঠীৰ পৰিচয়ঃ
দেউৰী জাতি অসমৰ অন্যতম এক আদিম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী। যাৰ নিজৰ ধৰ্ম, ভাষা, কৃষ্টি-সংস্কৃতি বিশ্ব বিখ্যাত। জীৱন দৰ্শনেই এক সু-কীয়া পৰিচয় বাহক। আনহাতে নদীপৰীয়া, কৃষিজীৱী আৰু সূৰ্য্যমুখীয়া চাংঘৰ নিবাসী জাতি। সৃষ্টিৰ আদ্য শক্তিৰ লগত ওতঃপ্ৰোতভাৱে পূজিত আৰু জড়িত জাতি। সেয়েহে দেউৰীসকল প্ৰকৃতি সুলভ স্বভাৱৰ জাতৱ, সহজ-সৰল, ধৰ্মভীৰু, সত্যবাদী, কৰ্মযোগী আৰু ৰাজ-আজ্ঞাবাহী জাতি ৰূপে পৰিচিত।
অসম বুৰঞ্জীত দেউৰীসকলক পুৰোহিত শ্ৰেণী ৰূপে পৰিচয় দিছে। ইতিহাস প্ৰসিদ্ধ শদিয়াৰ কুণ্ডিল নগৰ কেন্দ্ৰিক জাতি। দেউৰী জাতিৰ পৰিচয় দেউৰী শব্দতে নিহিত আছে। দেউৰী মানে কি? বা কোন? দেউৰী এটা শব্দনে বিষয়? আচলতে দেউৰী এটা জাতি বা সম্প্ৰদায়। একেদৰে পুৰোহিত শ্ৰেণী বা দেৱালয় বিষয়।
আনহাতে দেউৰী শব্দৰ অৰ্থ হৈছে - দে- মানে দেৱ বা দেৱতা, উ - মানে উপাসনা আৰু ৰী - মানে ৰীতি-নীতি পদ্ধতি। অৰ্থাৎ দেৱতাক উপাসনা কৰা ৰীতি-নীতি পদ্ধতিৰ পালন কৰ্তা জাতি। আহোম সকলৰ মঙ্গলাচৰণ পুথি “তাই খেকলাই বেতৰ” মতে দেউৰীসকলক টিউবা, টেউৰী দেউৰী বুলি পৰিচয় দিছে। ইয়াৰ অৰ্থ হৈছে - টে বা ডে- মানে সত্য, সঁচা উ -মানে হোৱা বা থকা, ৰী-মানে প্ৰধানভাৱে। অৰ্থাৎ - সত্য মহিমা প্ৰধানভাৱে পালি থকা জাতি। সেয়েহে দেউৰীসকল সন্তৰ আজিও নিজৰ বিশ্ববিৰল মহিমা মণ্ডিত ধৰ্মত অটল বিশ্বাসী।
দেউৰীসকলে নিজকে “জিম্চাং” বুলি পৰিচয় দি ভাল পায়। ইয়াৰ অৰ্থ হৈছে— জি-মানে পানী, ম-মানে মাটি/ মানুহ, চাং-মানে সূৰ্য, যা-মানে চন্দ্ৰ বা মাটিৰ সন্তান। আজিও জীৱন দৰ্শনত ধৰ্ম বিশ্বাস কৰি আহিছে। পৃথিৱীৰ উপৰি ভাগত সাত তল স্বৰ্গৰাজ আৰু নিম্ন ভাগত সাত তল পাতাল ৰাজ আছে বুলি বিশ্বাস কৰে।
অতীতৰ পৰা দেউৰীসকল চাৰিটা ফৈদত বিভক্ত আছিল। যেনে— ডিবঙীয়া, টেঙাপণীয়া, বৰগঞা আৰু অমুগালুপ পাতবৰ্গ। ডিবাং নৈৰ পাৰত বসবাস কৰাৰ বাবে ডিবঙীয়া, টেঙাপণী নদীৰ পাৰত বসবাস কৰাৰ বাবে টেঙাপণীয়া, বৰনদী বা ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰাৰ বাবে বৰগঞা আৰু অমুগালুপ পাতৰ গছৰ সকলো শদিয়াৰ চাৰিওফালে পাত যোগান ধৰিছিল বাবে পাতবৰ্গ নামে পৰিচিত।
বিশ্লেষণঃ
কুনিদ মানে – ব্ৰহ্মাণ্ডৰ ঈশ্বৰ
কুনিদেই কুনিদমামা
কুনিদমামাৰ দুটা আকাৰ
কুনিদগিৰা | কুনিদগিৰাচি |
পৰমপুৰুষ | পৰমাপ্ৰকৃতি |
বুঢ়া | বুঢ়ী |
পিতাদেউতা/কুনিদপিতা | কুনিদপিতাচি |
বিশ্বতত্ত্বঃ
দেউৰী জাতিৰ কুনিদ ধৰ্মৰ বিশ্বাস মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কাৰী নিৰাকাৰ নিৰ্গুণেই হৈছে- কুনিদ। এই কুনিদেই কুনিদমামা। কুনিদমামাৰ দুটা বিপৰীত আকাৰ/ ৰূপ / লিংগই হ’ল- কুনিদগিৰি-কুনিদগিৰিচি। যাক হিন্দুমতে - পৰমপুৰুষ / পৰমাপ্ৰকৃতি বা বু.বু. বুলি কয়। বু.বু.ৰ পুত্ৰ-কন্যাই হৈছে- কুনিদপিতা/ পিচাদেমা/ বলিয়াবাবা / হেমতা আৰু কন্যা/ কুনিদপিচাচি বা কেঁচাইখাতি/ তামেশ্বৰী। বিশ্বৰ জীৱ সৃষ্টিৰ আদি তত্ত্ব আৰু বিজ্ঞানৰ ক্ৰমবিৱৰ্তন সূত্ৰৰে সমিল। দেউৰীসকলৰ কুনিদ ধৰ্ম মতে - কুনিদৰ পৰা কুনিদমামা। আকৌ কুনিদমামা কুউম শব্দৰ পৰা উৎপত্তি হৈছে। কুনিদনা গিছমা কুকিয়া কিনুমা আবৃত (প্ৰাৰ্থনা) ত বৰ্ণনা আছে। কুউম শব্দৰ অৰ্থ বিশ্বৰ ভিতৰি ভাগ কুহুম সংজ্ঞাৰ আধাৰত কুনিদ -কুনিদমামা কুনিদগিৰি-কুনিদগিৰিচি বা যজ্ঞাকুণ্ডি আৰু যজ্ঞাচি মামা।
সৃষ্টি তত্ত্বঃ
কুনিদমামায়ে সৃষ্টিৰ পাতনিত প্ৰথমে স্বৰ্গখণ্ড (পিচচিতিবেচা) মৰ্ত্যখণ্ড -চচিচিবেচা আৰু পাতালখণ্ড কুমচিবেচিচা সৃজন কৰিছিল। ইয়াৰ পাছত যেতিয়া পৃথিৱীখন চাৰিওফালে অন্ধকাৰ আৰু জলময় আছিল। তেতিয়া কুনিদমামায়ে সূৰ্য, চন্দ্ৰ সৃষ্টি কৰি দিন-ৰাতিৰ তাৰতম্য ঘটায়। ফলত লাহে লাহে পৃথিৱীখনত জলময় আৱৰণি স্থলময় বৃদ্ধি হ’ব ধৰে। তথাপিতো কুনিদমামায়ে দুটি পক্ষী ময়ূৰ আৰু বুলবুলি পক্ষীক স্বৰ্গৰ পৰা পৃথিৱীখন নিৰীক্ষণ কৰিব পঠায়। দুয়ো পক্ষীয়ে পৃথিৱীৰ চাৰিওফালে এবাৰ প্ৰদক্ষিণ কৰাৰ অন্তত জলৰ মাজত এটি ক্ষুদ্ৰ শৃংগ দেখা পায় খন্তেক জিৰণি লয়। কিন্তু ভোকত বুলবুলি চৰায়ে শিলৰ চেকুৰা বুটলি খোৰাকত পুনৰ স্বৰ্গলৈ উৰি যাব নোৱাৰিলে। ময়ূৰ পক্ষীয়ে অকলে
ঘূৰিপকে কুন্দিমামাক সকলো বাৰ্তা অৱগত কৰে। কুন্দি মামায়ে জমটিং মেহৰা (মকৰা বজাক) সোলৰ জঙলা, কপৰ হেতামাৰি পৃথিৱীলে নিৰ্মাণ কৰিব দিয়ে। নিৰ্দেশ পাই মকৰা বজাই নিজৰ এৰা সূতাৰে সোলৰ জঙলা, কপৰ হেতামাৰি নিৰ্মাণ কৰি পৃথিৱীলে নামি আহে। সেয়েহে আজিও দেউৰীসকলেও মানুহ মৰিলে শ্মশানলৈ নিবলৈ বাঁহৰ দালিত জান-জুৰি থাকিলে এৰা সূতাৰ সাঁকো পাৰি লৈ যায়। মানুহৰ জীৱ পৃথিৱীত জন্ম ল’লে এৰা সূতাৰে আহে আৰু মৃত্যু হ’লে এৰা সূতাৰে বৈতৰণী পাৰ হৈ যায় বুলি পৰম্পৰা বিশ্বাস মানি আছে। কুন্দিমামায়ে কুন্দিগিৰা কুন্দিগিৰাবাচি বাপে আকাৰ লৈ নামি আহে। পাছে পাছে জীৱকুল, পশুকুল, পক্ষীকুল, কীট-পতংগ, মৎস্যকুল, তৃণ-তৰু লতা, উদ্ভিদ, জীৱাসম নামি আহে। কিন্তু পৃথিৱীখন জীৱকুলৰ বাবে উপযুক্ত বাসযোগ্য নাছিল যদিও লাহে লাহে তাৰতম্য ঘটায়। আনহাতে কুন্দিগিৰাবাচি/মামা মজুচাটিয়ে হিন্দুমতে পৰমাপ্ৰকৃতি মাতৃ বা বুটিয়ে পৃথিৱীখন চাৰিওফালে জাতিষ্কাৰ কৰি তোলে। বসুন্ধৰা নদ-নদী, জান-জুৰি, পৰ্বত-পাহাৰৰ সৌন্দৰ্য্য তৃণ-তৰু গছ-লতা, ফল-ফুলেৰে মনোমোহনীয়া কৰাৰ উপৰিও নিজে বিভিন্ন পতংগ সৃজন কৰি সুতা সৃষ্টি কৰে। উক্ত সূতাৰে বিশ্বে বিশ্বে বস্ত্ৰ তৈয়াৰ কৰি নিজে পৰিধান কৰে। তাৰ উপৰি কুন্দিগিৰাবা/পৰমাপ্ৰকৃতিৰ সন্মুখত নৃত্য ভঙ্গীমা প্ৰদৰ্শন কৰিব ধৰে। প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখি ঘূৰি হৈ পশু-পক্ষী, কীট-পতংগ, তৃণ-তৰু লতা উদ্ভিদেও বতাহৰ হালি-জালি শব্দৰ ঝংকাৰৰ পৰায় উল্লাসিত আত্মহাৰা হয়। তেতিয়া পৰম প্ৰকৃতিৰ নৃত্য ভঙ্গীমা শব্দৰ ঝংকাৰৰ গীত-মাত আৰু আমন্ত্ৰিত মিলনতেই বিশ্ব (বিচু) উৎপত্তি হোৱা বুলি আজিও কুন্দি ধৰ্ম মতে দেউৰীসকলে বিশ্বাস কৰে। ইয়াৰ পাছতেই পুত্ৰ বলিয়া বাবা আৰু কন্যা কেঁচাইখাটি জন্ম দি ক্ৰমাময়ে দেৱতা, দানৱ আৰু মানৱৰ জন্ম হোৱা বুলি দেউৰীসকলে কুন্দি ধৰ্ম মতে বিশ্বাস কৰে।
ধৰ্মতত্ত্বঃ
দেউৰী ধৰ্মতত্ত্বত আজিও তিনি মহাত্মা আছে—যেনে আধ্যাত্মিক, আদি ভৌতিক আৰু আদি দৈৱিক।
আধ্যাত্মিকঃ তপ, জপ আৰু ধ্যানৰ দ্বাৰা নিজৰ লগতে জগতৰ কল্যাণ সাধন কৰা।
আদি ভৌতিকঃ সমাজত কাজিয়া-পেচাল, হাই-দণ্ডৰ পৰা বিৰত থাকি শান্তি-শৃংখলা অটুট ৰখা।
আদি দৈৱিকঃ প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, ধুমুহা-বতাহ আৰু বজ্ৰপাতৰ পৰা পৰিত্ৰাণ পোৱা ইত্যাদি।
দেউৰীসকলৰ কুন্দি ধৰ্মৰ এই তিনি মহাত্মাৰ লগত হিন্দুৰ সাত্ত্বিক সনাতন ধৰ্মৰ বিধি-বিধানৰ সাদৃশ্য আছে। পূজাৰ নৈবেদ্যসমূহেই ইয়াৰ প্ৰমাণ।
ৰীতি-নীতি:
দেউৰী সমাজৰ ধৰ্মীয় কাৰ্য যেনে—পূজা বা সকাম থাকিলে পূজাৰী, পৰিয়াল, বয়োজ্যেষ্ঠ ব্যক্তি আৰু ঘৰৰ সদস্যসকলেও উপবাস (ব্ৰত) মানি পূজাৰ শেষত খাদ্য গ্ৰহণ কৰে।
সকলো পুৰুষে বগা সাজ-পোছাক পৰিধান কৰাটো বাধ্যতামূলক। পুৰুষসকলে ইকু (ধুতি) আৰু গামোচা পিন্ধে। মহিলাসকলে ইণু, মেখেলা-মেৰণি, গাতিগি পিন্ধে। গামোচা আৰু চেলেংও পৰিধান কৰে।
নৈবেদ্যসমূহ পূজা বা সকামভেদে পৃথক পৃথক। আমিষ-নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্য থাকে। পূজা বা সকামত পূব দিশলৈ মূৰ দোঁৱাই সেৱা কৰে।
বিবাহ অনুষ্ঠান:
দেউৰী সমাজত দিবঙীয়া, টেঙাপনীয়া আৰু বৰগঞা ফৈদৰ মাজত বিবাহ পতাত বাধা নাথাকে। কিন্তু একে ফৈদৰ হ’লে সগোত্ৰীয় বংশৰ মাজত বিবাহ পাতিব আৰম্ভ নহয়। যেনে বৰ দেউৰী আৰু সকলো দেউৰীৰ মাজত দৰা-কন্যা বিয়া পতা নিষিদ্ধ। একেদৰে ববভতালী আৰু সকলোভতালী মাজত ও প্ৰযোজ্য। সদায় জনমে জনমে ববদেউৰীসকলোদেউৰীয়ে-ববভতালী/ সকলো ভতালী বংশৰ মাজতহে বিবাহ অনুষ্ঠিত হয়। একেদৰে মাতৃ গৰ্ভকী যি কোনো ফৈদৰ হ’লেও তেৱোঁ কন্যাই নিজৰ বাই-ভনীৰ পুত্ৰ-কন্যা বা নাতি-নাতিনীৰ মাজত বেলেগ ফৈদৰ হ’লেও বিবাহ পাতিব আৰম্ভ হ’ব নোৱাৰিব। অৰ্থাৎ বাই-ভনী, শালপতি বেলেগ ফৈদ হ’লেও বিয়নী-বিয়ৈ পাতিব নোৱাৰিব।
দেউৰী সমাজত মানুহ মৰিলে পুৰুষ হ’লে সৎকাৰ কৰিব ৭ জাপ খৰি দি জ্বলায়। একেদৰে নাৰী হ’লে পাঁচ জাপ খৰি দিয়ে। সকলোৰে হাত খৰি তেনেই চিতাপত দিয়ে। মৃতকৰ পিণ্ড দিয়াটো বাধ্যবাধকতা আছে। পুৰুষ হ’লে সাত সাজ, নাৰী হ’লে পাঁচ সাজ, আৰু দেৱ গৰ্ভকী সাত সাজ, পূজাৰী হ’লে ৯ সাজপিঁও দি শেষৰ দিনা পিণ্ড উটুৱাই আৰু চোবা ভজা পৰ্ব অনুষ্ঠিত কৰে। দহা বা শ্ৰাদ্ধ গৃহস্থৰ অনুক্ৰম মতে বাইজে থিবাং কৰি অনুষ্ঠিত কৰে। ইয়াত সময়ৰ কোনো নিৰ্ধাৰণ নাথাকে। এটাই নীতি গৃহস্থৰ “শক্তি চাই ভক্তি”।
পৰম্পৰা :
দেউৰীসকল আজিও নিজৰ পৰম্পৰা ত্যাগ কৰা নাই। প্ৰায় বিলাক গাঁও নদীকাষৰীয়া আৰু সূৰ্যমুখীয়া চাংঘৰৰ নিবাসী জাতি। আজিকালি আধুনিকতাৰ প্ৰভাৱ যথেষ্ট পৰিছে। খাদ্য হিচাপে ভাত প্ৰধান। মদ-মাংস, সেউজীয়া শাক-পাচলি, আলু, কচু, লতা-পাত আৰু মাটিমাহ, মটৰমাহ আদিয়েই প্ৰধান খাদ্য। দেউৰীসকলে সাধাৰণতে-কুটি, দাইল কম খায়। মাছ-মাংস থাকিব দি, চোবাত দি, পাতত দি আৰু জুইত পুৰি খায়, ভাল পায়। দেউৰী সমাজ নিজৰ শিপিনিয়ে তৈয়াৰ কৰা বস্ত্ৰ পিন্ধিহে ভাল পায়। শৈশৱৰ পৰাই ল'ৰাক ধুতি (ইকুঁ) আৰু ছোৱালীক মেখেলা (ইঙ্গ) পিন্ধিবলৈ শিকায়। একেদৰে ছোৱালীবোৰক তাঁতবোৱা, ভুঁইবোৱা, ধান দোৱা আদি কৰ্ম শিকায়। আজিকালি বিজ্ঞানৰ ধামখুমীয়াত কিছু পৰিৱৰ্তন আহিছে।
উপাসনা :
দেউৰীসকলে নিজৰ উপাসনা স্থলী যেনে-কুণ্ডিংক/মিদিক/দেউশাল, থান, মন্দিৰ, গোসাঁনীশাল ফেদ ভেদে প্ৰতিষ্ঠান গাঁৱতে প্ৰতিষ্ঠা আছে। নিজৰ লগতে ঘৰখনৰ, গাঁৱৰ বা সমাজৰ আৰু দেশৰ কল্যাণ সাধন বিচাৰি তপ-জপ, ধ্যান আৰু প্ৰাৰ্থনা কৰে। শুদ্ধ বগা সাজ-পোছাক পৰিধান কৰি উপবাসত থাকি এনে কাৰ্য ৰূপায়ণ কৰে। দেউৰী সমাজত ধৰ্মগুৰু নাথাকে। কেৱল পূজাৰীসকলে বিধি-বিধান দিয়ে। মৃত্যুৰ পাছত দহা-কাজ শ্ৰাদ্ধ অনুষ্ঠিত কৰে যদিও প্ৰতি বছৰে গৃহস্থই (মিম্ হাবেবা) মবাখোৱা সকাম অনুষ্ঠিত কৰে। তাৰ উপৰি মাঘ বিহু আৰু বহাগ বিহুৰ দিনা মৃত পূৰ্ব-পুৰুষসকলক পিণ্ড দিয়ে। এনে পিণ্ডত মাছ-মাংসৰ সৈতে বনোৱা খাদ্য আৰু চুজে (মদ) দিয়াটো বাধ্য। বছৰটোৰ বাবে ল'ৰা-ছোৱালী বংশ-পৰিয়াল, গঞা-জ্ঞাতি কুটুম্ব লগত দেশৰ মঙ্গল কামনা কৰে। মৃত বৰ্গৰ আত্মা সন্তুষ্টি হৈ আশীৰ্বাদ দি যায় বুলিও বিশ্বাস কৰে। শ্ৰাদ্ধ নাপাতিলে মৃত আত্মাই পৃথিৱীত বিচৰণ কৰি ফুৰি থাকে বুলি ও বিশ্বাস কৰে। শ্ৰাদ্ধত অন্ন, বস্ত্ৰ দান দিয়াটো অনিবাৰ্য। গঞা, জ্ঞাতি বাইজে চাউল-বৰঙণি দি সহায় কৰে। গাঁৱৰ কোনো এজনক বাদ পৰিব নোৱাৰিব। সামাজিক একতা অটুট ৰাখিব লাগিব।
পূৰ্বপুৰুষে গতি, যোৰা ৰীতি-নীতি, পৰম্পৰা সামাজিক একতা, শান্তি-শৃংখলা বজায় ৰখা, নিজৰ ধৰ্ম মানি চলা আদি নিয়ম আজিও পালন কৰি আছে। দেউৰীসকলৰ সমাজেই প্ৰধান অনুষ্ঠান। সমাজে সকলো আইনগত, পৰম্পৰাগত নীতি-নিয়ম বলৱৎ কৰি ৰাখে। সমাজতকৈ কোনো ব্যক্তি উদ্ধত নহয়। আনকি পূজাৰীয়ে অপৰাধ কৰিলে তৎক্ষণাৎ পদত্যাগ কৰিব লাগে। অনুশাসনত ভেদাভেদ ৰাখিব নোৱাৰিব। দেউৰী জাতিয়ে গো-বধ আৰু গো-মাংস ভক্ষণ কৰিব নোৱাৰিব। তাৰ উপৰিও গেলাপচা, অপথ্য খাদ্য ভক্ষণ নকৰে। ব্যভিচাৰত লিপ্ত থাকিব নোৱাৰিব। কোনেও কাকো সহজে অন্যায় নকৰে। বিনা দোষত দোষী সাব্যস্ত হ’লে নিজৰ ফৈদৰ দেউশাল, থান, মন্দিৰত চাক-বন্তি জ্বলাই শৰাই আগবঢ়ায়। নিজৰ পূৰ্বপুৰুষক স্মৰি চুজে (মদ) ঢালি প্ৰাৰ্থনা জনায়। এদিন নহয় এদিন ইয়াৰ প্ৰমাণ পোৱা যায় বুলিও বিশ্বাস কৰে। আধ্যাত্মিক চেতনা পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলে সৰুৰে পৰা ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়ে।
আজি পূজা আছে, সকাম আছে, ভাত খাব নেপায়, ধৈৰ্য ধৰা, পানী খোৱা, ফলমূল খোৱা ইত্যাদি ধাৰণা। মানুহ মৰিলেও শটো ঘৰৰ বাহিৰ কৰি নিয়া পৰ্যন্ত ভোজন নকৰে, পথাৰত হাল নবায়, কোৰ মাৰি মাটি নেখান্দে, ভঁৰালৰ দুৱাৰত বগা কাপোৰেৰে আৰ দিয়ে, তিপাশালত জুই নজ্বলায়, এবেলা উপবাসত থাকে। জীৱন মানেই জন্ম-মৃত্যু অনিবাৰ্য। মৃত্যুৰ পাছত অশৰীৰী আত্মাই কিন্তু বিচৰণ কৰি থাকে বুলি যি বিশ্বাস আছে, সেইমতে গৃহস্থই শ্ৰাদ্ধ অনুষ্ঠিত কৰাটো বাঞ্ছনীয়। শ্ৰাদ্ধৰ অবিহনে আত্মাই মুক্তি লাভ নকৰে বুলিও দেউৰী সমাজ আজিও পৰ্যন্ত বিশ্বাস কৰি আছে।
উৎসৱ :
দেউৰীসকলৰ পবিত্ৰ উৎসৱ বুলি সুকীয়া নাথাকে। কাৰণ প্ৰতিটো উৎসৱ-পাৰ্বণ, পূজা-সকাম, বিয়া-দহা-শ্ৰাদ্ধ অনুষ্ঠানত পবিত্ৰ শান্তি জল সেৱন কৰাৰ পাছতহে যিকোনো কৰ্মত অংশগ্ৰহণ কৰিব পাৰে। অন্যথাই তেনে ব্যক্তি কৰ্ম কৰিলে পূজাৰী, পৰিয়া, জেঠ সমাজে আহাৰ গ্ৰহণ নকৰে। গতিকে পবিত্ৰ উৎসৱ হিচাপে সকলো অনুষ্ঠানেই হয়। দেউৰীসকলৰ গীত, নৃত্যৰ সুকীয়া মাধুৰ্যতা আছে। শিল্পীসুলভ, সংস্কৃতিসুলভ চৰিত্ৰৰে আগবাঢ়ে দেউৰী জাতি। সদায় নিজৰ ভাষা-কৃষ্টি পৰিহাৰ কৰিব নিবিচাৰে। অসমৰ জনজাতি, অ-জনজাতিসকলোৱে ভাষা-কৃষ্টি সংমিশ্ৰণ থকা পৰিলক্ষিত। গীত-মাত দেউৰী ভাষা আৰু অসমীয়া ভাষাতো কথিত আৰু লিখিত আছে। অসমৰ বিহু সংস্কৃতিৰ উৎপত্তি শদিয়াৰ কুন্দিল নগৰ কেন্দ্ৰিক। য'ত সৃষ্টি আদিশক্তি বুঢ়া-বুঢ়ী (পুৰুষ-প্ৰকৃতি) মিলন ভূমিৰ তাৎপৰ্য আজিও কুন্দিল ধৰ্মই বহন কৰি আছে।
জনজাতিসকল ইতিহাসে ঢুকি নোপোৱা কালত কোনো হিন্দু, খ্ৰীষ্টান ধৰ্মাৱলম্বী নাছিল। অসমৰ জনজাতিসকল লাহে লাহে কুৰি শতিকাত সনাতন ধৰ্ম, বৌদ্ধধৰ্ম, বৈষ্ণৱধৰ্ম পৰ্যায়ে ধৰ্মান্তৰিত হোৱা কাৰো অবিদিত নহয়। দেউৰী সমাজত সনাতন বৈষ্ণৱ ধৰ্মান্তৰ হোৱা পৰিলক্ষিত। কিন্তু নিজৰ পিতৃ-মাতৃৰ কাজ কাৰ্য পৰিহাৰ কৰিব নোৱাৰিব। এই ক্ষেত্ৰত নিজৰ পৰম্পৰাৰ আধিপত্য মানি আছে।
পৰিৱৰ্তনঃ
অৱশ্যে শিক্ষাৰ পৰিৱেশত কিছু কিছু পৰিৱৰ্তনমুখী হোৱাটো স্বাভাৱিক। তথাপিও দেউৰীসকল নিজৰ ধৰ্ম বিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আৰু সাংস্কৃতি জীয়াই ৰখাত দৃঢ় বিশ্বাসী। কাৰণ সমাজত “স্বধৰ্মং নিধনং শ্রেয়ঃ” নীতিত আজিও অটল। জনজাতিসকলৰ মাজত ও ঐনেকাৰ মাজত ঐক্য আছে। ইয়াৰ উদাহৰণ শদিয়াৰ চাৰিশাল মন্দিৰৰ পূজা ভক্তসকলেই প্ৰমাণ। নিজৰ লগতে দেশৰ, দেশৰ কল্যাণ সাধনৰ বাবে বলি বিধান পূজা মানি আহিছে।