Field reflection · Assamese

অনুভৱৰ একলম

সহকাৰী অভিযন্তা, ধেমাজি সংমণ্ডল

১৮ মে, ২০২২; জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি সংমণ্ডল......আজিও ভালকৈ মনত আছে মোৰ, বহুতো সপোন আৰু আশা বুকুত বান্ধি লৈ সংমণ্ডলৰ চৌহদত ভৰি দিয়া সেই দিনটো। কি হ'ব, কি নহ'ব ইত্যাদি প্ৰশ্নৰে ভৰপূৰ মনটোক জীৱনৰ প্ৰথম চাকৰিৰ প্ৰলোভন দেখুৱাই যোগদান কৰিছিলোঁ সহকাৰী অভিযন্তা হিচাপে, অস্থিৰ মনটোক আশ্বাস দিছিলো "থ্ৰী ইডিয়তচ" চিনেমাখনৰ সেই বিখ্যাত সংলাপটি "আল ইছ ৱেল"। কিন্তু সময়ৰ টিকনিডাল সদায় আগফালে। দৈনন্দিন ব্যস্ত জীৱনৰ মেৰপাকত, এপল দুপলকৈ সময় বোৰ কোনটো কোণত গলি যায় একো টলকিবই নোৱাৰি। চাকৰিত যোগদানৰ পাঁচোটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশত। দৈনন্দিন ব্যস্ততাৰ মাজত জীৱনৰ চাৰিটা বছৰ কোন পলকত উৰি গ'ল টলকিবই নোৱাৰিলো।

এফালে জীৱনৰ প্ৰথম চাকৰি, আনফালে দ্ৰুত গতিত চলি থকা ভাৰত চৰকাৰৰ অন্যতম আঁচনি "জল জীৱন মিছন"। এফালে সংমণ্ডলৰ 'টেকনিকেল ব্ৰাঞ্চ', আনফালে চাৰিটা পঞ্চায়ত চোৱা-চিতা কৰাৰ দায়িত্ব। সময়ৰ মেৰপাকত নিজকে কেতিয়া মিছনৰ হাতত অৰ্পণ কৰিলোঁ গমকে নাপালোঁ। পৰীক্ষাৰ পিছত দৌৰি থকা লৰাটোৱে টাৰ্গেটৰ পিছত দৌৰিবলৈ শিকিলে। সমাজৰ আগত 'ইন্ত্ৰভাৰ্ত' হৈ থকা লৰাটোৱে ৰাইজৰ লগত মিলি কাম কৰিব পৰা হল। জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ প্ৰকল্পৰ কামত নিয়োজিত কৰি এক নতুন অভিজ্ঞতা লাভ কৰিলোঁ। কাহানিও ঘৰত পানীৰ অভাৱ অনুভৱ নকৰা লৰাটোৱে বুজি পোৱা হল, কিছু অঞ্চলত যে পানীৰ বহুত অভাৱ হয়, ওচৰৰ নদীৰ পৰা যে সংগ্ৰহ কৰিব লগা হয়। সঁচা অৰ্থত, এই প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ গুৰুত্ব, পানী যোগান ব্যৱস্থাৰ প্ৰয়োজনীয়তা আৰু গ্ৰাম্য জনসাধাৰণৰ জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে বহু কথা জানিবলৈ সক্ষম হ'লোঁ। মিছনৰ জৰিয়তে পানীৰ উৎস, নলযোগে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা, পানীৰ সংৰক্ষণ আৰু বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে জ্ঞান লাভ কৰিলোঁ।

গ্ৰাম্য অঞ্চলত দৈনন্দিন জীৱনধাৰাৰ বাবে 'জল জীৱন মিছন' সঁচাই এক পৰিৱৰ্তনৰ সূচনা । প্ৰথম অৱস্থাত কিছু পৰিয়ালে 'খোৱা পানীৰ নল সংযোগ নালাগে' বুলি কোৱা মানুহে আজি 'পানী যোগান আঁচনিৰ পৰা কিয় পানী দিয়া নাই' বুলি আপত্তি কৰা হল। ইয়াৰ ফলত গাঁৱৰ মানুহৰ দৈনন্দিন জীৱন বহু পৰিমাণে সহজ হৈ পৰিছে সেইটো নুই কৰিব নোৱাৰি। সঁচাকৈ, বহু গ্ৰাম্য ৰাইজে এই আঁচনিখনক এক সময়োপযোগী আৰু জনকল্যাণমূলক পদক্ষেপ হিচাপে আদৰি লৈছে । কিন্তু এয়া এতিয়াও পৰিতাপৰ বিষয় যে কিছু অঞ্চলত স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগিতা তেনেই নগণ্য। এইটো ক্ষেত্ৰত অধিক সচেতনতা আৰু সজাগতা অভিযান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ অনুভৱ হয়। কিছুমান ঠাইত নিয়মীয়াকৈ পানী যোগান নোপোৱা, পানীৰ চাপ কম হোৱা, আঁচনিৰ মেৰামতি আদি সমস্যাও দেখা যায়। সেয়েহে আঁচনিখনৰ প্ৰকৃত সফলতাৰ বাবে নিয়মীয়া পানী যোগান, পানীৰ গুণগত মান পৰীক্ষা, গাঁও পঞ্চায়ত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগিতা অতিকৈ প্ৰয়োজনীয়।

জীৱন যুদ্ধৰ যুগপৎ এতিয়া 'জল জীৱন মিছন ২.০'ৰ যুদ্ধ আৰম্ভ। আগুন্তুক দিনত আমি সকলোৱে আগবাঢ়ি যাব লাগিব একাগ্ৰতা, দৃঢ়তা আৰু অন্য এক উদ্যমী মনৰ সৈতে; যুঁজিব লাগিব আমি সকলোৱে একলগ হৈ যাতে গ্ৰাম্য অঞ্চলৰ পানী যোগান ব্যৱস্থাক অধিক উন্নত, বহনক্ষম আৰু জনমুখী কৰি তুলিব পাৰো। তেতিয়াহে আমি পানী যোগান আঁচনিবোৰক উজ্বলাই ৰাখিব পাৰিম ঠিক অস্তগামী সূৰুযৰ মনোমোহা দৃশ্যটিৰ দৰে।

"জলেই জীৱন, জলেই প্ৰাণ,

অসমৰ চুকে-কোণে জল জীৱনৰ গান;

প্ৰতিঘৰ চোতালত বিশুদ্ধ পানীৰ যোগান,

জিলিকি ৰওঁক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মান।"

~~~*~~~