Poetry · Assamese

দিন-যাত্ৰা

এই জগতত, কোন বাৰু তুমি?
অস্তিত্ব বিচাৰি, ফুৰিছা ঘূৰি
পোহৰ আৰু এন্ধাৰৰ
এক অবিৰত যাত্ৰাত।
দেখিছোঁ, নিশাৰ নিস্তব্ধতা ভাঙি
পৃথিৱীত নামিছে কোলাহল।
ওৰেনিশা পোহৰ বিলোৱা
লাজুকীয়া তৰাবোৰ
আকাশৰ দলিচাত পৰিছে শুই।
ৰং-বিৰঙৰ চৰাইৰ গীতেৰে
দিন-যাত্ৰাৰ মেলিছে পাতনি।
প্ৰভাতী সুৰুযৰ হেঙুলীয়া আভাত
দশোদিশ উঠিছে উজলি।
দূবৰিৰ কাণত কাণফুলি হৈ থকা
নিয়ৰৰ টোপালত
ন- সূৰুজৰ কিৰণে
ৰামধেনুৰ ৰং সানিছে।
হাঁহি থকা ফুলবোৰ চাই চাই
শব্দৰ পাশাখেলত বন্দী হৃদয়বোৰে
নিজকে পাহৰিছে।
তাৰেই মাজতে
বিৰবিৰকৈ বলা মলয়াই
আনিছে দূৰণিৰ পৰা
সুগন্ধি ফুলৰ সুবাস কঢ়িয়াই।
ভোমোৰা এটিয়ে অবুজ ভাষাৰে
মনে মনে আছে গুণগুণাই ।
দিনান্তত এন্ধাৰ
আহিছে নামি।
এটি-দুটিকৈ
নীল আকাশত
তৰাবোৰ সাৰ পাই উঠি
আমালৈ চাই আছে হাঁহি।
এন্ধাৰ আৰু পোহৰৰ
এই অবিৰত যাত্ৰাত
কোন বাৰু তুমি?