Editorial · Assamese
সম্পাদকীয়
অসমীয়া ছয় ঋতুৰ এটা অতি সুন্দৰ আৰু আকৰ্ষণীয় ঋতু হৈছে 'শৰত'। অসমীয়া বৰ্ষৰ আহিন আৰু কাতি মাহ এই ঋতুৰ সময়। গ্ৰীষ্ম ঋতুৰ গৰম আৰু বৰ্ষা ঋতুৰ বৰষুণ ও বাৰিষাৰ পিছতে অসম খনলৈ শান্ত প্ৰাকৃতিক পৰিৱেশ নামি আহে শৰতত।বতৰ ফৰকাল, আকাশ নিৰ্মল হয়। আকাশত শুকুলা মেঘৰ খেলা আৰম্ভ হয়।ৰাতি শেৱালী ফুলৰ আমোলমোল সুবাসে মন মতলীয়া কৰে। পুৱা তলসৰা শেৱালীয়ে দূবৰিত দলিছা পাৰে। নিয়ৰৰ কণিকা দূবৰিত পৰি পুৱাৰ ৰ'দ কাঁচলিত মুকুতাৰে সৰগ ৰচে। কুঁৱলীৰ পাতল আৱৰণে পৃথিৱীখন ঢাকি ধৰে। নিয়ৰসিক্ত অনুভূতিয়ে দেহত শিহৰণ জগায়। এইয়া শৰতৰ নান্দনিকতা।
মোৰ অনুভৱ.. প্ৰথম
শৰতৰ আগমন মানেই গ্ৰীষ্মৰ বিদায়
সুনিৰ্মল আকাশেই যাৰ পৰিচয় সদায়
দূবৰিত দলিছা শুভ্ৰ শেৱালী
নিয়ৰৰ মুকুতাই কৰিছে ধেমালী
নদীৰ পাৰত কঁহুৱাৰ সৌন্দৰ্যপান কৰাহি আদায়।
দ্বিতীয়তে...
শৰত মানেই এটি ফৰকাল মন
নৈৰ পাৰত ফুলিছে কঁহুৱা বন
শেৱালীৰ আমোলমোল
নিয়ৰৰ নানান বোল
দেহত জাগে নিয়ৰসিক্ত পুৱাৰ মৃদু শিহৰণ।
তৃতীয়তে...
শৰতৰ সুবাস আজি দূবৰিৰ পাতত
শেৱালীয়ে শুভ্ৰ দলিছা পাতিছে বাটত
নিয়ৰৰ মুকুতা
তিৰবিৰ ৰচোতা
শাৰদী ৰাণীৰ পৰশ নৈৰে কানত।
শৰতৰ আগমনৰ আগে আগে কঁহুৱা ফুলে নৈৰ কাষত বা চাপৰিত হালি জালি গীত জুৰে। সোউজীয়াৰ মাজত শুভ্ৰতাৰ সুকোমল চাদৰৰ ঢৌ খেলে। কি যে মনোমোহা প্ৰাকৃতিক দৃশ্য।আনন্দত মন নাচি উঠে।
মোৰ অনুভৱ...
নদীৰ পাৰত তুমি শুভ্ৰ ৰূপ ল'লা
বতাহত হালিজালি নাচোন ধৰিলা
কঁহুৱা তোমাৰ নাম
সৌন্দৰ্য বিলোৱা কাম
শৰত সমাগত বুলি বাতৰি দিলা।
শৰত মানেই উৎসৱৰ বতৰ। পথাৰৰ কৃষিকৰ্ম সামৰি জনসাধাৰণ অধীৰ আগ্ৰহেৰে ৰৈ থাকে উৎসৱৰ আনন্দ ল'বলৈ।সেয়ে শাৰদীয় উৎসৱ দুৰ্গা পূজা, লক্ষ্মী পূজা,কালী পূজা আদি বৰ ধূমধামেৰে আৰু আধ্যাত্মিক ভাৱে আয়োজন আৰু উপভোগ কৰে।
মোৰ অনুভৱ...প্ৰথম
দুৰ্গাপূজা কিছুলোকৰ পৰম্পৰাগত কৃষ্টি
ধূমধামেৰে পালন কৰাত সকলোৱে ৰাখে দৃষ্টি
বিশ্ব শান্তিৰ বাবে দেৱীক আৰাধনা
অসূয়া, দুৰ্গতি নাশেই মূল প্ৰাৰ্থনা
সকলোৱে মনে প্ৰাণে বিচাৰে মাৰ আশিস বৃষ্টি।
দ্বিতীয়তে...
উখল মাখল পৰিৱেশ দুৰ্গা পূজা আহিল
বিউটি পাৰ্লাৰত বিউটিচিয়ানৰ ব্যস্ততাও বাঢ়িল
ফেচিয়েল, থ্ৰেডিং কৰি চুলি কৰিলে লাহি
স্কেলিং কৰা দাঁতেৰে মাৰিব লাগিব হাঁহি
জীয়ৰী বোৱাৰীৰ মন প্ৰাণ পূজাৰ ব্যস্ততাই হৰিল।
শাৰদীয় দুৰ্গোৎসৱৰ পিছতে পায়হি ৰাসোৎসৱ।সত্ৰপীঠ মাজুলী হৈ পৰে গকুল বৃন্দাবন। প্ৰায় ৭০/৮০খন ঠাইত একে সময়তে ৰাস মহোৎসৱ উদযাপন কৰে।ইয়াৰ উপৰিও উজনিৰ বিভিন্ন অঞ্চলত, নামনিৰ হাউলী, নলবাৰী আদি অনেক স্থানত ৰাস মহোৎসৱৰ আয়োজন কৰে, য'ত শ্ৰীকৃষ্ণৰ শিশুলীলা, ৰাসলীলাক বৰ সাৱলীল ও নান্দনিক ভাৱে পৰিৱেশন কৰা হয়।ৰাস পূৰ্ণিমাৰ ৰাতি যমুনাৰ বালিত শ্ৰীকৃষ্ণই গোপীসকলৰ লগত কৰা ৰাসলীলা আত্মা আৰু পৰমাত্মা মিলনৰ আকুতি পৰিস্ফূট হয়।ৰাধাৰ প্ৰেম গাথাত সেইয়া বিদ্যমান।
শৰত কালৰ ৰাত্ৰি অতি বিতোপন
ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।
মোৰ অনুভৱ...প্ৰথম
ৰাস পূৰ্ণিমাত চাৰিওদিশে গকুল বৃন্দাবন
ৰাস ক্ৰীড়া উপভোগত মগ্ন দৰ্শকগণ
ৰাধাৰ প্ৰেম গাথা
অনুধাৱন কৰা নে যথা
দি গ'ল মাধৱক শ্ৰেষ্ঠ প্ৰেমৰ নিদৰ্শন।
দ্বিতীয়তে...
ভোগ বিহীন প্ৰেমৰ সাক্ষী বিৰহিনী ৰাধা
অতিন্দ্ৰীয় প্ৰেমত নাথাকে শাৰিৰীক গাথা
আমি হ'লো দুৰ্জন অতি
পাৰ্থিৱ সুখতহে মতি
প্ৰেমৰ সংজ্ঞা বিচাৰোঁতে জীৱন গ'ল আধা।
তৃতীয়তে...
যমুনাৰ বালিতে থাকিবা তুমি ৰৈ
মই যাম হাতত মুৰুলী বাংশী লৈ
পূৰ্ণ চন্দ্ৰমাৰ ৰাতি
ভূৱন মোহন অতি
ৰাসলীলা কৰিম আমি আত্ম বিভোৰ হৈ।
চতুৰ্থতে....
ৰাধা বাউলী হয় মুৰুলীৰ সুৰত
ধনটি জলকা লাগে চিন্তাৰ ভৰত
পৰিবাৰ হৈছে ৰাধা
দিয়া নাই ঘৰে বাধা
কৃষ্ণক দিয়ে নেকি হিয়া চিন্তা মূৰত।
এনে এটা নান্দনিক সময়ত আমাৰ মন প্ৰাণতো পুলক জাগে, নিজৰ ধৰণেৰে জীৱনৰ কিছু ক্ষণ কটাবলৈ মনত প্ৰৱল হেঁপাহ জাগে।বিভাগৰ অত্যন্ত কৰ্মব্যস্ততা আৰু লক্ষ্য নিবেষ্ট চৰকাৰী কৰ্মসূচীৰ প্ৰৱল হেঁচাৰ মাজত থাকি মনটোক কিছু বিশ্ৰাম দিবলৈ, বন্ধুবৰ্গৰ লগত মুকলি মনেৰে সমৃদ্ধ সময় কটাবলৈ, কিছু ক্ষণ নিজৰ সন্থাৰ কথা পাতিবলৈ বিভাগৰ অভিযন্তা সকলেও এক অৱকাশ, সুযোগ বিচাৰে। সেয়ে অহা ১৪ আৰু১৫ নবেম্বৰ,২০২৬ ত দুদিনীয়া কাৰ্যসূচীৰে অসম জনস্বাস্থ্য কাৰিকৰী অভিযন্তা সন্থা(Assam Public Health Engineers' Association)য়ে সাতত্ৰিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন খনি মিৰ্জাত অনুষ্ঠিত কৰিবলৈ লোৱাটো এটা ভাল সিদ্ধান্ত বুলি মনে ধৰে।
মোৰ অনুভৱ...
নান্দনিক শৰতত অভিযন্তাগণ
সমবেত মিৰ্জাত উজ্জীৱিত তন মন
দুদিন আনন্দ ল'ব
মন প্ৰাণ ভৰি যাব
নতুন উদ্যমেৰে ল'ব ভৱিষ্যত কৰ্ম পণ।
জনসাধাৰণক মৌলিক প্ৰয়োজনীয় নিৰাপদ খোৱা পানী দৈনিক পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ দায়বদ্ধ, সদা প্ৰস্তুত আৰু সচেতন এখিনি অভিযন্তাই গতিশীল সময়ত আহি আহি পাইপ পানীয় যোগান আঁচনিৰ পৰা 24X7 ৰূপত জনসাধাৰণক খোৱা পানী যোগান ধৰিবলৈ লক্ষ্য স্থিৰ কৰিছে । অত্যন্ত ব্যস্ততা, মানসিক চাপ সহ্য কৰি নিজৰ লক্ষ্যত অটল এইসকল অভিযন্তাৰ অভাৱ অভিযোগখিনি চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি সমাধান কৰিলে মনত কাম কৰাৰ বাবে উদ্যম বাঢ়িব।
অধিৱেশনৰ স্মৃতি ধৰি ৰখাৰ বাবে এখনি e-souvenir(ই-স্মৃতিগ্ৰন্থ)ৰ প্ৰকাশৰ ব্যৱস্থা কৰি এই অভাজনক মুখ্য দায়িত্ব অৰ্পণ কৰিছে। 'প্ৰতিবিম্ব' নামকৰণেৰে প্ৰকাশ পাবলগীয়া e-souvenir খনৰ যোগেদি আমাৰ সদস্যসকলৰ নিজস্ব চিন্তা -চেতনা, অনুভৱ বোৰক একগোট কৰি লিখিত ৰূপত ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে।অন্তৰৰ অনুভৱৰ প্ৰতিবিম্বিত ৰূপেই হ'ল 'প্ৰতিবিম্ব'।এই স্মৃতি গ্ৰন্থ খনিৰ সম্পাদনাৰ গধুৰ দায়িত্ব অৰ্পণ কৰি সন্থাৰ বিষয়ববীয়া সকলে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিলে তাৰ বাবে সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। স্মৃতিগ্ৰন্থ খনি সৰ্বাঙ্গ সুন্দৰ কৰিবৰ বাবে আমাৰ চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ।সদস্য ও বিষয়ববীয়া সকলৰ সহযোগত ই-স্মৃতিগ্ৰন্থ খন প্ৰস্তুত হৈ উঠিল। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। বিশেষকৈ ভাতৃপ্ৰতিম অমলজিত ভৰালীৰ কষ্টৰ কথা বিশেষভাৱে স্বীকাৰ কৰিবই লাগিব।
অসম জনস্বাস্থ্য কাৰিকৰী অভিযন্তা সন্থা (APHEA) দিনক দিনে শক্তিশালী ৰূপত উদ্ভাসিত হওক।
বলিষ্ঠ কণ্ঠেৰে দীৰ্ঘজীৱি হওক.....