WASH · Assamese
পানী সংৰক্ষণ তথা খোৱাপানী, অনাময় আৰু পৰিচ্ছন্নতা (WASH) সচেতনতাৰ দিশত গ্ৰীণ পুলিচ ব্ৰিগেডৰ সক্ৰিয় অভিযান আৰু ছাত্ৰ-ছাত্ৰীৰ সামাজিক দায়বদ্ধতা
অৱসৰপ্ৰাপ্ত সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম
পাতনি –
ছাত্ৰ সমাজে সামগ্ৰিক ভাবে এক উন্নত পৃথিৱী গঢ়াৰ বাবে সমাজৰ সকলোৰে অংশগ্ৰহণমূলক মনোভাৱ তথা কৰ্মসূচী আৰম্ভ কৰাত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ “পৰিৱৰ্তনৰ দূত” বুলি ধৰি, বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে বিদ্যালয় আৰু মহাবিদ্যালয় স্তৰৰ শিক্ষা ব্যৱস্থাক সমাজমুখী কৰাৰ আহ্বান জনাইছে।
বিশুদ্ধ খোৱাপানী, অনাময় শৌচালয় ব্যৱস্থা আৰু পৰিচ্ছন্নতা [Water, Sanitation and Hygiene (WASH)] ৰ সুব্যৱস্থাৰ উপলব্ধতা, জনস্বাস্থ্য আৰু সামগ্ৰিক কল্যাণৰ বাবে এক অত্যাৱশ্যক উপাদান। গ্ৰামাঞ্চলৰ বহুতো সমাজত WASH সম্পৰ্কীয় পৰ্যাপ্ত জ্ঞান আৰু সম্পদৰ অভাৱ আছে, যাৰ ফলত পানীজনিত বিভিন্ন ৰোগত বহু মানুহ আক্রান্ত হয় আৰু বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে। এই সমস্যাৰ সমাধানৰ বাবে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সমাজত WASH সম্বন্ধীয় অভ্যাস তথা সা-সুবিধা আদিৰ প্ৰচাৰৰ সক্ৰিয়তাৰে সক্ষম কৰি তোলাৰ উদ্দেশ্যে এক প্ৰচেষ্টাৰ ফলশ্ৰুতি হৈছে গ্ৰীণ পুলিচ ব্ৰিগ্ৰেড।
নগাঁও চহৰত অৱস্থিত বিবেকানন্দ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে পাৰিৱেশিক দৃষ্টিকোণৰ বিভিন্ন বিষয় তথা WASH সম্বন্ধীয় অভ্যাসৰ অনুসৰণ কৰা আৰম্ভ কৰিছে। পাৰিৱেশিক সংৰক্ষণ আৰু সমাজত WASH সম্বন্ধীয় অভ্যাস নিশ্চিতকৰণত ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুত্বপূর্ণ ভূমিকাৰ বিষয়ে অৱগত হৈ, নগাঁও চহৰৰ বিবেকানন্দ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সমাজিক দায়িত্ববোধ অনুভৱ কৰি নিজকে “গ্ৰীণ পুলিচ ব্ৰিগেড (GREEN POLICE BRIGADE)” বুলি ঘোষণা কৰিছে। তেওঁলোকে মূল বাণী হিচাপে গ্ৰহণ কৰে — “পাৰিৱেশিক পৰিচ্ছন্নতা – সকলো ঠাইত, সকলো সময়ত”।
এই প্ৰচেষ্টাৰে ছাত্ৰ-ছাত্ৰীসকলক মূল্যৱান জ্ঞান আৰু কৌশল প্ৰদান কৰাৰ লগতে, তেওঁলোকৰ মাজত এক দায়িত্ববোধ গঢ়ি তুলিবলৈ সজাগ কৰা হয়, যিয়ে তেওঁলোকক সহপাঠী, নিজৰ পৰিয়াল তথা ঘৰৰ চৌপাশৰ বাসিন্দাসকলৰ মাজত WASH ৰ প্ৰচাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাব। এই প্ৰচেষ্টাৰ মূল লক্ষ্য হ’ল শিশুসকলক ---
(ক) “Safe WASH Practices Ensure Healthy Life” আৰু
(খ)“My Waste - My Responsibility”
--- ইত্যাদি বিষয়বস্তুৰ মাধ্যমেৰে সজাগতামূলক শিক্ষাৰ আনন্দময় অভিজ্ঞতা প্ৰদান কৰা আৰু ইয়াৰ জৰিয়তে শিশুসমাজৰ মাজত পৰিৱেশ হিতৈষী / বান্ধৱ মনোভাৱ, স্থায়িত্ব আৰু দায়িত্বশীলতা বিকাশ কৰাই, মুখ্য লক্ষ্য।
গ্ৰীণ পুলিচ ব্ৰিগেডৰ কৰ্ম পৰিসৰ -
- ‘Practice and Empower others to follow’ মূলনীতিত ভিত্তি কৰি, খোৱাপানী, অনাময় শৌচালয় আৰু পৰিচ্ছন্নতা (WASH)ৰ গুৰুত্ব তথা স্বাস্থ্য সচেতনতা সচেতনতা প্ৰচাৰৰ বাবে উৎসৰ্গিত হোৱা আৰু পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব বিদ্যালয়ত সহপাঠীসকলৰ মাজত এই বিষয়সমূহৰ ওপৰত আলোচনা আৰম্ভ কৰা আৰু তেওঁলোককো ‘Practice and Empower others to follow’ নীতিৰে উৎসাহিত কৰা।
- প্ৰথমে নিজৰ বিদ্যালয় আৰু নিজৰ ঘৰখনত আৰু তাৰ পিছত ওচৰ চুবুৰীয়াৰ মাজত সুৰক্ষিত WASH ৰ সুঅভ্যাস সকলো সময়তে নিশ্চিত কৰি পানীৰ জৰিয়তে হোৱা ৰোগৰ প্ৰতি সচেতনতা আৰু প্ৰতিকাৰ সম্বন্ধে আগভাগ ল’ব।
- এক বহল পৰিসৰৰ মাজত পৰিয়ালসমূহৰ মাজত সুৰক্ষিত WASH অভ্যাস আৰু SWM (Solid Waste Management) প্ৰচাৰৰ প্ৰচেষ্টা বিস্তাৰ কৰা।
- “Safe WASH Practices Everywhere, Every Time” ৰ অগ্ৰাধিকাৰ। সৰ্বত্ৰ WASH ব্যৱস্থাৰ সুঅভ্যাস গঢ়ি তুলিবলৈ ছাত্ৰ-ছাত্ৰীৰ সামাজিক দায়িত্ব।
- “Stop Littering / Spitting here and there/ Waste Burning” সন্দৰ্ভত ‘নিজেও নকৰো, আনকো কৰিবলৈ মানা কৰিম’ মনোভাৱ।
- পানী সংৰক্ষণ, সংৰক্ষিত ভঁৰাল তথা সম্ভাৱ্য প্ৰদূষণ আৰু পৰিশোধন পদ্ধতি।
- একোটা পৰিয়ালৰ WASH অভ্যাসৰ নিৰীক্ষণ তথা মূল্যায়নৰ যাবতীয় পদক্ষেপ সম্বন্ধে আলোচনা আৰু চৰজমিন তথ্য সংগ্ৰহ তথা সংগ্ৰিহীত তথ্যৰ আলোচনা।
- নিজৰ বিদ্যালয়খনক আদৰ্শ WASH বিদ্যালয় হিচাপে গঢ়ি তোলা।
এইদৰে, নবপ্ৰজন্মক জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় জ্ঞানৰ আধাৰ প্ৰদান কৰি, এটা দীঘলীয়া আৰু সুৰক্ষিত ভৱিষ্যতৰ ভিত্তি স্থাপন কৰিব পাৰি। একে সময়তে, সমাজত পাৰিৱেশিক দায়িত্ববোধ আৰু সামাজিক নেতৃত্বৰ মনোভাৱ গঢ়ি তোলাও এই উদ্যোগৰ অন্যতম লক্ষ্য।
পানী সংৰক্ষণৰ প্ৰচেষ্টা –
নগাঁও চহৰৰ মাজ মজিয়াত অৱস্থিত বিবেকানন্দ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে “পানী সংৰক্ষণ” ৰ উদ্দেশ্যে এক অতি প্রশংসনীয় কৰ্মসূচী আৰম্ভ কৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ সময় অন্ত হোৱাৰ পিছত নিজৰ খোৱাপানীৰ বটলত থকা অৱশিষ্ট পানী বিদ্যালয়ৰ চৌহদত থকা গছবোৰত ঢালিবলৈ আৰম্ভ কৰে, যাৰ ফলত পানীৰ অপচয় ৰোধ হৈ সংৰক্ষণ নিশ্চিত হয়।
এই উদ্যোগৰ অংশ হিচাপে, এটা স্বল্প-ব্যয়বহুল বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ নোহোৱা বা পেলাই দিবলগীয়া প্লাষ্টিক বটল সংগ্ৰহ কৰে। সেই বটলসমূহৰ তলৰ অংশটো কাটি, বিদ্যালয়ৰ চৌহদৰ প্ৰতিটো গছৰ গা-গছৰ তলৰ অংশত ওলোটাই বান্ধি দিয়া হয়। আনহাতে বটলৰ সাফৰটোত কিছুমান সৰু সৰু ফুটা কৰি, পানী ওলাব পৰা ব্যৱস্থা কৰা হয়, যাতে পানী টিপটিপকৈ ওলায়। এনে কৰাৰ ফলত বটলৰ পানী গছৰ গুৰিত টোপাটোপে পৰে আৰু মাটিয়ে তাক শুহি লয়। অন্যথা গছৰ গুৰিত ঢালি দিয়া পানীৰ বেছিভাগেই বে গ'লহেঁতেন আৰু কেবাজনো ছাত্ৰ-ছাত্ৰীয়ে তেনেদৰে ঢালি দিয়া পানীৰ লগত গছৰ গুৰিৰ মাটি ধুই যোৱাৰ দৰে অৱস্থা হ'ব পাৰে। এই সাধাৰণ, কিন্তু উদ্ভাৱনীমূলক ‘ড্ৰিপিং’ ব্যৱস্থাই গছৰ জীৱনৰ বাবে পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে পানীৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অপচয় ৰোধ কৰে আৰু পেলনীয়া প্লাষ্টিক বটলৰ পুনৰ ব্যৱহাৰ কৰিব পৰা যায়।
ইয়াৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শ্ৰেণীৰ পাছত নিজৰ পানীৰ বটলত থকা অৱশিষ্ট পানী পেলাই দিছিল বা ঘৰত লৈ গৈছিল। ইয়াৰ ফলত সেই পানীৰ অপচয় হৈছিল। কিন্তু এই নতুন উদ্যোগৰ পাছত, তেওঁলোকে সেই পানী বিদ্যালয়ৰ চৌহদত থকা গছৰ বাবে ব্যৱহাৰ কৰিবলৈ এক পানী সংৰক্ষণমূলক সুব্যৱস্থা আৰম্ভ কৰে। এই প্রচেষ্টাই ছাত্ৰীসকলৰ মাজত “পানী বচাওঁ, অপচয় ৰোধ কৰক” বুলি সচেতনতা বিস্তাৰ কৰিছে। ইয়াৰ ফলত গছবোৰৰ উপকাৰ হোৱাৰ লগতে, ঘৰলৈ ওভোটাৰ আগতে স্কুলবেগৰ ওজনো কিছু পৰিমাণ হ্ৰাস পায়। বিদ্যালয়ত এনে অভ্যাসৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰতো পানীৰ অপব্যয় ৰোধ কৰিবলৈ সজাগ হোৱা আৰু সঠিক ব্যৱহাৰৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
এই ধৰণৰ প্ৰচেষ্টা, আন বিদ্যালয়সমূহলৈও প্ৰসাৰিত কৰাৰ সময় আহি পৰিছে, যাৰ দ্বাৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল আজিৰ প্ৰয়োজনীয় বিষয়, বিশেষকৈ পানী সংৰক্ষণ তথা পানীৰ অপচয় ৰোধ সম্বন্ধে অৱগত হব আৰু সমাজৰ আগত এক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হ'ব।
গ্ৰীণ পুলিচ ব্ৰিগেডৰ অভিযানৰ ইপ্সিত ফলাফল -
WASH সচেতনতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সমাজত খোৱাপানী, অনাময় শৌচালয় আৰু পৰিচ্ছন্নতা তথা পাৰিৱেশিক উন্নয়নৰ বাবে সামাজিক প্ৰচাৰক ৰূপে গঢ়ি তুলিব পাৰি, যাতে ঘৰে ঘৰে সুৰক্ষিত WASH ৰ অভ্যাস নিশ্চিতকৰণত আগভাগ ল'ব পাৰে। প্ৰায়োগিক কাৰ্যকলাপ আৰু সচেতনতা মূলক পাঠদানেৰে তেওঁলোকৰ মাজত WASH ৰ সুঅভ্যাসৰ প্ৰতি দায়িত্ববোধ আৰু ইতিবাচক আচৰণ গঢ়ি উঠিব আৰু পৰৱৰ্তী সময়ত নিজৰ ঘৰ, ওচৰ চুবুৰীয়া সমাজ আৰু বিদ্যালয়ত পৰিৱর্তনৰ দূত হিচাপে কাম কৰিব আৰু সুস্বাস্থ্যসম্মত আৰু এখন উন্নয়নমুখী সমাজ গঢ়াত সহায় কৰিব।
শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীৰ সামাজিক দায়বদ্ধতা -
ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা মহান শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আমাৰ স্কুল / কলেজ / বিশ্ববিদ্যালয় আদিৰ পুথিভঁৰালটোৰ পৰিসৰ বৃদ্ধি কৰি তাৰ সুবিধা সকলোৰে বাবে উপলব্ধ (যদি পুথিভঁৰাল নাই, নতুনকৈ স্থাপন কৰি) হোৱাৰ বাবে সামাজিক দায়বদ্ধতাৰ আধাৰত এক প্ৰচেষ্টা ল'ব পাৰে।
সকলো ছাত্ৰ-ছাত্ৰীৰে আনুষ্ঠানিক শিক্ষা সাং কৰাৰ পিছত তেওঁলোকে ব্যৱহাৰ কৰা কিতাপ-পত্ৰবোৰ সাধাৰণতে ঘৰে ঘৰে একোটা আলমাৰীত আবদ্ধ হৈ পৰে আৰু বিশেষকৈ পাঠ্যপুথি বিলাক আকৌ এবাৰ কেতিয়াও পঢ়া নহয়। অৱশ্যে কিছুমান পাঠ্যপুথি, পিছৰ বছৰৰ ছাত্ৰ-ছাত্ৰীয়েও লৈ যায়। কিছুমানে আকৌ এনে কিতাপবোৰ সৰুসুৰা দোকান আদিক বিক্ৰীও কৰি দিয়ে। ঘৰে ঘৰে গৈ পুৰণি কিতাপ ক্ৰয় কৰি ফুৰা সকলেও এনে কিতাপবোৰ ওজন হিচাপে কিনি লৈ যায়। বহুতে সাধাৰণতে কিছু কিতাপ (বিশেষকৈ উচ্চ শ্ৰেণীৰ যেনে - উচ্চতৰ মাধ্যমিক, স্নাতক/ স্নাতকোত্তৰ বা ইঞ্জিনিয়াৰং আদি বিষয়ৰ) মুল্যবান বুলি ভাবি জমা কৰি ৰাখে, যাৰ ব্যৱহাৰ কালক্ৰমত নোহোৱা হৈ পৰে (বহুতৰ ঘৰত ইয়াৰ ব্যতিক্ৰম নহয়)।
এই পৰিপ্ৰেক্ষিতত উক্ত কিতাপ বিলাক নিকটৱৰ্তী কোনো শিক্ষানুষ্ঠানৰ পুথিভঁৰালত সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰি নে? স্নাতকোত্তৰ তথা ইঞ্জিনিয়াৰিং আদি বিষয়ৰ কিতাপসমূহ সংশ্লিষ্ট বিশ্ববিদ্যালয় বা ইঞ্জিনিয়াৰং কলেজৰ পুথিভঁৰাল চহকী কৰাত সহায়ক হ'ব পাৰে। ফলস্বৰূপে পুথিভঁৰালত কিতাপৰ উপলব্ধতা বৃদ্ধি হ'ব। বৰ্তমানৰ পুথিভঁৰালসমূহৰ সীমিত সংখ্যক কিতাপৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ নিৰ্ভৰশীলতা আশা কৰিব নোৱাৰি।
সেয়েহে, পুথিভঁৰালত পুৰণি কিতাপ (পাঠ্যপুথি আৰু প্ৰসংগপুথি উভয়ৰে বাবে) সংগ্ৰহ কৰি তাৰ পৰিসৰ বৃদ্ধি কৰাৰ এনে এক ব্যৱস্থাৰ ফলস্বৰূপে, ছাত্ৰ-ছাত্ৰী সকলে নতুন কিতাপ (বিশেষকৈ পাঠ্যপুথি) ক্ৰয় কৰাৰ পৰা সকাহ পাব বুলি ভাবিব পাৰি। ইয়াৰ ফলত আৰ্থিক অনাটনত ভোগা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকত হব।
পুথিভঁৰালৰ পৰিসৰ বৃদ্ধিৰ বাবে, সংশ্লিষ্ট শিক্ষানুষ্ঠান খনত শিক্ষা সাং কৰা ছাত্ৰ-ছাত্ৰী সকলেও কমেও এখন কিতাপ (পিছৰ প্ৰজন্মৰ বাবে প্ৰয়োজনীয় বুলি ভবা) দান কৰাৰ এক ব্যৱস্থাৰ আৰম্ভণি কৰা সম্বন্ধেও চিন্তা কৰিব পাৰি।
এই সন্দৰ্ভত এটা বিশেষ অনুৰোধ এয়ে যে প্ৰতিখন বিদ্যালয়ত অনতিপলমে এটা গ্ৰন্থাগাৰ স্থাপন কৰোঁ আহক (যি বিদ্যালয়ত গ্ৰন্থাগাৰ এতিয়ালৈ হৈ উঠা নাই), প্ৰথমাৱস্থাত সীমিত কলেৱৰ হ'লেও। ইয়াৰ লগতে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ গ্ৰন্থাগাৰত কিতাপ পঢ়াটো বাধ্যতামূলক কৰাৰ উদ্দেশ্যে, এটা শ্ৰেণী (প্ৰতিটো স্তৰতে) স্কুলৰ দৈনিক ৰুটিনৰ অন্তৰ্ভুক্ত কৰা উচিত, যাৰ ফলত কিতাপ পঢ়াটো এক আন্দোলনলৈ ৰূপান্তৰ হৈ পৰে।
আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ সোৱৰণত গঢ়ি তোলা এনে এক ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ মাজত অধ্যয়ণৰ দিশত যথেষ্ট সহায়ক হ'ব বুলি বিশ্বাস। সকলো শিক্ষানুষ্ঠান কৰ্তৃপক্ষ তথা ৰাইজৰ বিবেচনাৰ বাবে এই বিষয়টো আগবঢ়োঁৱা হ'ল।
বিভিন্ন প্ৰযুক্তিগত উন্নয়নমূলক আচনি আদি ৰূপায়নৰ সৈতে জড়িত চৰকাৰী / বেচৰকাৰী সংস্থা, বিভাগসমূহৰ বাবেও তেনে একোটা লাইব্ৰেৰীৰ প্ৰয়োজনীয়তা আছে, য’ত বিভিন্ন বিষয়ৰ প্ৰসংগ পুথি, সমসাময়িক আলোচনী, জাৰ্ণাল তথা সময়ে সময়ে প্ৰকাশিত Research Paper আৰু উচ্চশিক্ষা গ্ৰহণ কৰোতে প্ৰকাশিত Thesis আদিৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগত এনে এটা লাইব্ৰেৰী প্ৰথমে বেতকুছিত অৱস্থিত WSSO কাৰ্যালয়ত আৰু পাছলৈ হেঙেৰাবাৰীত অৱস্থিত PHE Section ৰ কাৰ্যালয়ৰ এটা অশত (যিটো পাছলৈ Secretary, PHED অস্থায়ী কাৰ্যালয়লৈ ৰূপান্তৰিত) স্থাপন কৰা হৈছিল। কিন্তু ইযাৰ অনিয়মিত ব্যৱহাৰেই অছিল এক প্ৰত্যাহ্বান। অৱশ্যে এয়া অনস্বীকাৰ্য যে এনে একোটা বিভাগীয় লাইব্ৰেৰীক সমৃদ্ধ কৰি ৰখা সমলসমূহে বিভাগীয় বিষয়াসকলক বিভিন্ন বিষয় (ধাৰণা, ৰূপায়ণ তথা সমীক্ষা ইত্যাদি) সম্বন্ধে অৱগত কৰি প্ৰয়োজন অনুসৰি বিভাগীয় আচনি ৰূপায়ণত যথেষ্ট সহায়ক হ’ব।
ধন্যবাদ।