Poetry · Assamese
প্ৰকৃতি — এক নীৰৱ আৰ্তনাদ
জলাশয়টোৰ বুকুত
সেউজীয়া সপোনেৰে ভৰা
পাহোৱাল পাহাৰখন
গহনে গোপনে
শুই আছিল
অপূৰ্ব এটি কবিতা হৈ
আকাশলৈ চাই
পানীৰ বুকুত
পাহাৰখনে হয়তো আঁকিছিল
এখন নিৰ্মল পৃথিৱীৰ ছবি।
হঠাতে-
অঞ্চলটোত এদিন
ঐশ্বৰ্যৰ দম্ভ,
প্ৰাচুৰ্যৰ অহংকাৰলৈ
এজাক মানুহৰ
সমাগম ঘটিল
পাহাৰৰ উচ্চতাত
মানুহবোৰৰ শৌৰ্যত আঘাত লাগিল
ক্ৰমান্বয়ে -
পাহাৰখন এধাপ এধাপকৈ
তললৈ নামিল
জলাশয়টোৰ বুকু ভৰিল
বন্ধ হ'ল উশাহ,
শিলৰ কান্দোনত
প্ৰতিধ্বনিত হ'ল উপত্যকা
পাহাৰ ভাঙি
জলাশয় পুতি
লিখা হ'ল
উন্নয়নৰ নতুন ইতিহাস
গঢ় লৈ উঠিল অট্টালিকা
উচ্চ উচ্চ অট্টালিকাবোৰে ভাবিলে
পাহাৰৰ গৰ্ব খৰ্ব হ'ল -
হাবি- বন ভাঙি
লুংলুঙীয়া বাটটো
নিজৰ সৰলতা হেৰুৱাই
বহল হ'ল-
ডাঙৰ হ'ল-
পকী হ'ল-
দলং হ'ল-
গছ-বিৰিখৰ বাসিন্দাবোৰ
ঠাইখনৰ অনাহুত আলহী হ'ল
পৰিভ্ৰমী চৰাইবোৰো এলাগী হ'ল
বতাহে হেৰুৱালে সুবাস,
কংক্ৰিটৰ কাৰাগাৰত
সংকুচিত হ'ল আকাশ
ঠিক এনেদৰে
চহৰখনৰ আৰম্ভণি হ'ল ।
এদিন, সদম্ভে
ৰাষ্টাটোৰ দাঁতিত
প্ৰকাণ্ড ফলকেৰে
ঠাইখন নামাকৰণ কৰা হ'ল-
"প্ৰকৃতি নগৰ"
ফলকৰ চেহেৰা-
বিজ্ঞাপনৰ চৰিত্ৰ-
অট্টালিকাৰ উচ্চতা-
ক'লা গ্লাচৰ ডাঙৰ- দীঘল
দেশী-বিদেশী
গাড়ীবোৰ দেখি
গাঁৱলীয়া মানুহবোৰ
তধা লাগিল !
লাহে-লাহে
হোজা মানুহবোৰ
পতিয়ন গ'ল-
মনত শিপালে
নতুন বিশ্বাস -
এয়াই সভ্যতা !
এয়াই পৰিৱৰ্তন !!
জনাই জানে,
এয়া -
কালৰ প্ৰত্যাৱৰ্তন !!
কল্কিৰ আৱাহন !!!