Illustrated fiction · Assamese
ভৱিষ্যতৰ পৰা অহা জাননীখন
১. ভৱিষ্যতৰ পৰা অহা জাননীখন
২০২৬ চনৰ ৮ নৱেম্বৰ।

ৰাতি ২ বাজি ১৭ মিনিট।
মোবাইলৰ শব্দত টোপনি ভাঙিল।
চকু মেলাৰ আগতেই হাতখন মোবাইলটোৰ ফালে আগবঢ়ালোঁ। অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা হোৱাৰ এটা অসুবিধা আছে।
ৰাতি ফোন বাজিলে প্ৰথমেই মনলৈ আহে—ক'ৰবাত পানীৰ পাইপ ফাটিল নেকি, পাম্প বিকল হ'ল নেকি, নে কোনো চিকিৎসালয়ত পানীৰ যোগান বন্ধ হ'ল!
কিন্তু এইবাৰ ফোন নহয়। এটা মেছেজ।
প্ৰেৰক—ন্যায় আৰু ভৱিষ্যৎ সুৰক্ষা আয়োগ, অসম, ২০৫০।
মেছেজটো পঢ়ি প্ৰথমে হাঁহি উঠিল।
"আপোনাৰ বিৰুদ্ধে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ অৱহেলা আৰু ভৱিষ্যৎ প্ৰজন্মৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগত গোচৰ নং ২০৫০/৪১৭ ৰুজু কৰা হৈছে। ১২ নৱেম্বৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক।"
তলত মোৰ সম্পূৰ্ণ নাম, পদবী আৰু কাৰ্যালয়ৰ ঠিকনা।
অভিযোগৰ সাৰাংশত লিখা আছিল—
"২০২৬ চনত অভিযুক্তই গ্ৰহণ কৰা এটা কাৰিকৰী সিদ্ধান্তৰ সৈতে জড়িত ঘটনাক্ৰমৰ ফলত ২০৫০ চনলৈ ১২,৪৭৩ জন লোক নিজৰ বাসস্থান এৰিবলৈ বাধ্য হৈছে।"
মোৰ টোপনি সম্পূৰ্ণ উৰি গ'ল।
২০৫০ চন!
অৰ্থাৎ আজিৰ পৰা চৌব্বিশ বছৰ পিছৰ এখন আদালত!
কোনোবাই ধেমালি কৰিছে নিশ্চয়।
মেছেজটোৰ লগত সংলগ্ন PDF খন খুলিলোঁ।
তিনিপৃষ্ঠাৰ এখন চৰকাৰী জাননী। ওপৰত অশোক স্তম্ভৰ প্ৰতীক, তলত ডিজিটেল স্বাক্ষৰ।
তাৰপিছত চকু পৰিল অভিযোগকাৰীৰ নামটোত।
মেঘালী বেগম।
জন্মৰ তাৰিখ—২৩ মাৰ্চ, ২০২৭।
এক মুহূৰ্তৰ বাবে মোৰ উশাহ বন্ধ হৈ গ'ল।
যিগৰাকী ছোৱালীৰ এতিয়াও জন্মই হোৱা নাই, তেওঁ মোৰ বিৰুদ্ধে কেনেকৈ গোচৰ তৰিব পাৰে?
মেছেজটোৰ শেষত এটা বাক্য আছিল—
"এই জাননীক উপেক্ষা নকৰিব। কাৰণ অভিযুক্তৰ হাতত এতিয়াও অভিযোগটোৰ কাৰণ সলনি কৰাৰ সুযোগ আছে।"
মই মোবাইলটো বন্ধ কৰি দিলোঁ।
কিন্তু শুব নোৱাৰিলোঁ।
কাৰণ সেই ১২,৪৭৩ সংখ্যাটোৱে মোৰ মনৰ পৰা আঁতৰি যাব খোজা নাছিল।
২. এখন পাহৰি যোৱা ফাইল

পিছদিনা কাৰ্যালয়ত উপস্থিত হৈ নিজৰ ডেস্কত বহিলোঁ।
সন্মুখত ফাইলৰ দম। ক'ৰবাত প্ৰাক্কলন, ক'ৰবাত কাৰিকৰী অনুমোদন, ক'ৰবাত পানী যোগান আঁচনিৰ মেৰামতি, ক'ৰবাত পানীৰ গুণগত মান পৰীক্ষাৰ প্ৰতিবেদন।
জল জীৱন মিছনৰ আঁচনিসমূহৰ কাম, JJM BRAIN আৰু Ask Jal-ৰ তথ্য, জল বৈঠকৰ পৰ্যবেক্ষণ, Quality Control Circle আৰু NJJM-ৰ পৰিদৰ্শন সম্পৰ্কীয় নথি—এইবোৰ আমাৰ দৈনন্দিন কৰ্মজীৱনৰ অংশ।
তাৰ মাজতে কেতিয়াবা সংবাদমাধ্যমৰ প্ৰশ্ন, RTI কৰ্মীৰ তথ্যৰ অনুৰোধ, জিলা প্ৰশাসনৰ পৰ্যালোচনা সভা, জনপ্ৰতিনিধিৰ পৰা ৰাইজৰ সমস্যাৰ খবৰ। সকলোৰে লক্ষ্য এটাই—মানুহে যাতে নিৰাপদ আৰু নিয়মীয়া পানী পায়।
দিনটোত কিমান ফাইলত স্বাক্ষৰ কৰোঁ, কিমান মন্তব্য লিখোঁ, কিমান সিদ্ধান্ত লওঁ—কেতিয়াবা নিজৰেই হিচাপ নাথাকে।
হঠাৎ যোৱা ৰাতিৰ মেছেজটো আকৌ মনত পৰিল।
জাননীখনত এটা আঁচনিৰ নাম উল্লেখ আছিল—
নৈমুখ বহুগাঁও পানী যোগান আঁচনি।
নৈমুখ!
নামটো চিনাকি।
জল জীৱন মিছনৰ অধীনত ৰূপায়ণৰ বাবে প্ৰস্তাৱিত আঁচনিখনৰ উৎস সম্পৰ্কে কেইমাহমান আগতে মই এখন প্ৰতিবেদন দিছিলোঁ।
ফাইলটো বিচাৰিলোঁ।
প্ৰথম পৃষ্ঠা। দ্বিতীয় পৃষ্ঠা। তৃতীয় পৃষ্ঠা।
তাৰপিছত মোৰ চকু এটা বাক্যত ৰৈ গ'ল।
"প্ৰস্তাৱিত গভীৰ নলীনাদৰ পৰা প্ৰাথমিক পৰীক্ষাত পৰ্যাপ্ত পানী পোৱা গৈছে। তথাপি উৎসৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰিবলৈ শুষ্ক বতৰৰ পূৰ্ণাংগ পৰীক্ষা আৰু পানীৰ গুণগত মানৰ অধিক পৰীক্ষাৰ প্ৰয়োজন।"
এই মন্তব্যটো মোৰেই আছিল।
মোৰ স্পষ্ট মনত পৰিল, সেইদিনা ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত গাঁৱৰ এজন বয়োজ্যেষ্ঠ লোকে মোক কৈছিল—
"ছাৰ, ইয়াত বাৰিষাত পানীয়েই পানী। কিন্তু ফাগুন-চ'ত আহিলে আমাৰ কুঁৱাবোৰৰো তলি ওলাই যায়।"
তেওঁক আশ্বাস দিছিলোঁ যে বিষয়টো পৰীক্ষা কৰা হ'ব।
কিন্তু সেই সময়ত আঁচনিখনৰ কাম আগবঢ়োৱাটোও জৰুৰী আছিল।
আঁচনিখনৰ বাবে ধন আৱণ্টনৰ এটা নিৰ্দিষ্ট সময়সীমা আছিল। সেই সুযোগ হেৰুৱালে বহু পৰিয়ালে হয়তো আৰু কেইবছৰমান বিশুদ্ধ পানীৰ বাবে অপেক্ষা কৰিব লাগিব।
এফালে বৰ্তমানৰ মানুহৰ প্ৰয়োজন।
আনফালে ভৱিষ্যতৰ অনিশ্চয়তা।
সেই দ্বিধাৰ মাজতে মই ফাইলখনত লিখিছিলোঁ—
"আঁচনিখনৰ কাম আগবঢ়াব পাৰি। উৎসৰ দীৰ্ঘম্যাদী বহনক্ষমতা আৰু বিকল্প ব্যৱস্থা পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰিব লাগিব।"
তাৰ তলত মোৰ স্বাক্ষৰ।
মাত্ৰ এটা বাক্য।
সেই সময়ত বাক্যটো একেবাৰে যুক্তিসংগত যেনেই লাগিছিল।
কিন্তু এতিয়া কিবা এটা অস্বস্তি অনুভৱ কৰিলোঁ।
'পৰৱৰ্তী পৰ্যায়' মানে কেতিয়া?
এমাহ পিছত?
এবছৰ পিছত?
নে কেতিয়াও নহয়?
ফাইলখন বন্ধ কৰিলোঁ।
সেইদিনা প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলোঁ—কেতিয়াবা চৰকাৰী ফাইলৰ আটাইতকৈ বিপজ্জনক শব্দটো 'নাকচ' নহয়।
সেইটো হ'ল—

'পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব।'
৩. আদালতখন
১২ নৱেম্বৰ, ২০২৬।
ৰাতি ১১ বাজি ৫৯ মিনিট।
কাৰ্যালয়ৰ পৰা উভতি অহাৰ পিছতো মনটো অস্থিৰ হৈ আছিল।
হঠাৎ মোবাইলটো নিজে নিজেই জ্বলি উঠিল।
পৰ্দাত লিখা আহিল—
"ভৱিষ্যৎ সংযোগ স্থাপন কৰা হৈছে।"
তাৰপিছত দেখা গ'ল এখন আদালত।
বৃহৎ কোঠা। অত্যাধুনিক ডিজিটেল পৰ্দা। বেৰত লিখা—
অসম ভৱিষ্যৎ প্ৰজন্ম অধিকাৰ আদালত, ২০৫০।
এগৰাকী মহিলা ন্যায়াধীশে মোৰ ফালে চাই ক'লে—
"আপুনি আমাক শুনিবলৈ পাইছেনে?"
মই ভয় আৰু বিস্ময়ত মূক হৈ ৰ'লোঁ।
"পাইছোঁ... কিন্তু এইবোৰ কি হৈছে?"
ন্যায়াধীশে ক'লে—
"আপুনি ২০২৬ চনত আছে। আমি ২০৫০ চনত। আমাৰ আদালতত এটা বিশেষ সময়-সাক্ষ্য ব্যৱস্থা আছে। অতীতৰ কোনো সিদ্ধান্তই ভৱিষ্যৎ প্ৰজন্মৰ অপূৰণীয় ক্ষতি কৰাৰ আশংকা থকা বুলি যথেষ্ট প্ৰমাণ পোৱা গ'লে সেই সিদ্ধান্ত গ্ৰহণ কৰা ব্যক্তিক অতীততেই সতৰ্ক কৰাৰ সীমিত সুযোগ আছে।"
মোৰ মুখৰ পৰা ওলাই আহিল—
"মানে মই এতিয়াও দোষ কৰা নাই?"
"সেই প্ৰশ্নৰ উত্তৰ আজিৰ শুনানিৰ শেষত পাব।"
মই সুধিলোঁ—
"কিন্তু মোৰ বিৰুদ্ধে গোচৰটো কোনে তৰিছে?"
"অভিযোগকাৰীক উপস্থিত কৰা হওক।"
পৰ্দাত এগৰাকী তেইশ বছৰীয়া যুৱতী দেখা গ'ল।
সাধাৰণ পোছাক। শান্ত মুখ। কিন্তু চকু দুটাত অদ্ভুত দৃঢ়তা।
ন্যায়াধীশে ক'লে—
"মেঘালী বেগম। জন্ম ২৩ মাৰ্চ, ২০২৭। পেছাত জল-সম্পদ গৱেষক।"
যুৱতীগৰাকীয়ে মোৰ ফালে চালে।
"নমস্কাৰ ছাৰ।"
মই কোনো উত্তৰ দিব নোৱাৰিলোঁ।
তেওঁ ক'লে—
"মোৰ জন্মৰ আগতেই আপুনি মোৰ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত লৈছিল।"
"মই? আপোনাৰ জীৱনৰ সিদ্ধান্ত?"
"হয় ছাৰ। আপুনি জানিবও পৰা নাছিল।"
৪. পানী আছিল, কিন্তু খাব পৰা নাছিল
আদালতৰ বৃহৎ পৰ্দাখনত এখন গাঁৱৰ ছবি দেখা গ'ল।
ধূলিৰে ভৰা পথ। বন্ধ দোকান। জহি-খহি যোৱা ঘৰ। গছ-লতাৰে ঢাকি ধৰা এখন বিদ্যালয়।
এখন বৃহৎ পানীৰ টেংকী।
তলত ম্লান হৈ যোৱা ফলক।
ফলকখনত লিখা—
"জল জীৱন মিছন, অসম
নৈমুখ বহুগাঁও পানী যোগান আঁচনি।"

মোৰ বুকুখন কঁপি উঠিল।
মেঘালীয়ে ক'লে—
"ছাৰ, এইখন মোৰ জন্মস্থান।"
পৰ্দাত ২০২৮ চনৰ এখন ভিডিঅ' চলিল।
উদ্বোধনী অনুষ্ঠান।
ৰঙীন ফিতা কটা হৈছে।
ৰাইজে হাত চাপৰি বজাইছে।
এগৰাকী বৃদ্ধাই প্ৰথমবাৰৰ বাবে ঘৰৰ টেপৰ পৰা পানী ভৰাই আনন্দতে চকুপানী টুকিছে।
মোৰ মুখতো অজানিতে হাঁহি এটা বিৰিঙিল।
মেঘালীয়ে ক'লে—
"সেইদিনা আমাৰ গাঁৱত উৎসৱ হৈছিল। মোৰ মায়ে কৈছিল, ঘৰত পানী অহা দিনটোত মানুহে যেন বিজুলী পোহৰ অহাতকৈও বেছি আনন্দ কৰিছিল।"
ভিডিঅ' সলনি হ'ল।
২০৩৩ চন।
কিছুমান নলীনাদৰ পানী উৎপাদন কমি আহিছে। গ্ৰীষ্মকালত যোগানৰ সময় হ্ৰাস কৰা হৈছে।
২০৩৭ চন।
পৰিৱৰ্তিত বৰষুণৰ ধৰণ, পানীৰ চাহিদা বৃদ্ধি আৰু ভূগৰ্ভস্থ পানীৰ স্তৰৰ পৰিৱৰ্তনৰ ফলত উৎসৰ সংকট গভীৰ হৈছে।
কেইটামান উৎসৰ পানীত ক্ষতিকাৰক উপাদানৰ মাত্ৰা বৃদ্ধি পোৱাৰ প্ৰমাণ পোৱা গৈছে। একাংশ উৎস ব্যৱহাৰৰ অনুপযোগী ঘোষণা কৰা হৈছে।
২০৪১ চন।
দীৰ্ঘদিনীয়া পানীৰ সংকট। দূৰৰ পৰা টেংকাৰত পানী অনা হৈছে। বহু পৰিয়াল স্থানান্তৰিত হৈছে।
২০৪৭ চন।
বন্ধ বিদ্যালয়। পৰিত্যক্ত ঘৰ। জীৱিকাৰ সন্ধানত গাঁৱৰ পৰা গুচি যোৱা মানুহ।
২০৫০ চন।
আদালতৰ পৰ্দাত দেখা গ'ল, এসময়ত শিশুৰ কোলাহলেৰে ভৰি থকা গাঁৱখন এতিয়া প্ৰায় জনশূন্য।
মেঘালীয়ে ক'লে—
"ছাৰ, সকলোবোৰৰ বাবে আপোনাৰ সেই এখন ফাইলেই দায়ী বুলি মই ক'ব খোজা নাই। জলবায়ু, জনসংখ্যা, প্ৰাকৃতিক পৰিৱৰ্তন—বহু কাৰণ আছিল।"
তেওঁ অলপ ৰ'ল।
"কিন্তু আপোনাৰ সময়তেই বিপদৰ প্ৰথম ইংগিত পোৱা গৈছিল।"
মই ক'লোঁ—
"মই জানিছিলোঁ যে উৎসৰ অধিক পৰীক্ষাৰ প্ৰয়োজন। সেই কথা প্ৰতিবেদনতো লিখিছিলোঁ!"
"হয় ছাৰ। কিন্তু তাৰ পিছত?"
মই নিমাত হৈ ৰ'লোঁ।
মেঘালীয়ে আকৌ সুধিলে—
"আপুনি বিকল্প উৎসৰ সম্ভাৱনা নিশ্চিত কৰিবলৈ কোনো নিৰ্দিষ্ট সময়সীমা প্ৰস্তাৱ কৰিছিলনে? অনুসৰণৰ ব্যৱস্থা কৰিছিলনে? সংশ্লিষ্ট কৰ্তৃপক্ষক সম্ভাৱ্য বিপদৰ গুৰুত্ব স্পষ্টকৈ জনাইছিলনে?"
মোৰ হাতৰ আঙুলিবোৰ ঠাণ্ডা হৈ আহিল।
"নাই... সেইদৰে নহয়।"
"তেন্তে আপুনি কিয় লিখিছিল—পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰা হ'ব?"
মই ক'লোঁ—
"কাৰণ সেই সময়ত মানুহক পানী দিয়াটো অতি জৰুৰী আছিল। কামটো ৰখাই দিয়াৰ অৰ্থ হ'ল গাঁওবাসীক আৰু কেইবছৰমান অপেক্ষা কৰোৱা।"
মেঘালীয়ে মূৰ দুপিয়ালে।
"মই বুজিছোঁ ছাৰ। আপুনি পানী দিব বিচাৰিছিল। কিন্তু আপুনি দিয়া পানীখিনি কিমান দিন থাকিব, সেই প্ৰশ্নটোৰ উত্তৰ কোনে দিব লাগিছিল?"
মই একো ক'ব নোৱাৰিলোঁ।
তেওঁ ক'লে—
"আপোনালোকৰ ভাষাত পানী যোগান আঁচনি এটা প্ৰকল্প। আমাৰ বাবে সেইটো আছিল ঘৰ এৰি নোযোৱাৰ এটা আশা।"
৫. আটাইতকৈ গুৰুত্বপূৰ্ণ সাক্ষী
ন্যায়াধীশে ক'লে—
"অভিযুক্তক শেষ সাক্ষীজনৰ সৈতে পৰিচয় কৰাই দিয়া হওক।"
আদালতৰ সোঁফালৰ দুৱাৰখন লাহে লাহে খোল খালে।

এজন বৃদ্ধ মানুহ সোমাই আহিল।
ধূসৰ চুলি। চকুত চশমা। হাতত এখন পুৰণি ডায়েৰী।
মানুহজনক দেখিয়েই মোৰ গাৰ নোম শিয়ৰি উঠিল।
সেই মুখখন মই চিনি পাওঁ।
মোৰেই মুখ।
চৌব্বিশ বছৰ পিছৰ।
২০৫০ চনৰ মই।
বৃদ্ধ মানুহজনে মোৰ ফালে চাই মৃদু হাঁহিলে।
"চিনি পাইছা?"
মই কঁপা কণ্ঠেৰে ক'লোঁ—
"আপুনি... মই?"
"হয়। মই সেই মানুহজন, যিজন তুমি হ'বলৈ গৈ আছা।"
মই সুধিলোঁ—
"আপুনি এই গোচৰৰ বিষয়ে আগতে জানিছিলনে?"
তেওঁ মূৰ জোকাৰিলে।
"নাই। মোৰ সময়ত ভৱিষ্যতৰ পৰা এনে কোনো জাননী অহা নাছিল। তুমি এতিয়া সেই সুযোগটো পাইছা, যিটো মই পোৱা নাছিলোঁ।"
"তেন্তে আপুনি গাঁওখনৰ মানুহক বচাব নোৱাৰিলে?"
বৃদ্ধজনৰ চকু সেমেকি উঠিল।
"মই বহু পানী যোগান আঁচনি নিৰ্মাণ কৰিলোঁ। বহু পাম্প সলালোঁ, বহু পাইপ মেৰামতি কৰিলোঁ, বহু নিশা মানুহৰ পানীৰ সমস্যাৰ বাবে উজাগৰে থাকিলোঁ। কামত ফাঁকি দিয়া নাছিলোঁ।"
তেওঁ অলপ ৰ'ল।
"কিন্তু সেই এখন ফাইলত যি কথাটো স্পষ্টকৈ লিখিব লাগিছিল, সেইটো লিখাৰ সাহস নকৰিলোঁ।"
"কিয়?"
"কাৰণ মই ভাবিছিলোঁ—ইমান জৰুৰী কাম এটা এতিয়া আগবাঢ়ক। পিছত সমস্যাটো সমাধান কৰা যাব।"
তেওঁ ডায়েৰীখন মেলিলে।
"কিন্তু পিছত নতুন আঁচনি আহিল। নতুন দায়িত্ব আহিল। জৰুৰী অনুষ্ঠান আহিল। বদলি হ'ল। নতুন বিষয়া আহিল। পুৰণি ফাইলৰ ওপৰত নতুন ফাইল জমা হ'ল।"
"আৰু সেই বিকল্প উৎস?"
"মই বিষয়টো পুনৰ অনুসৰণ নকৰিলোঁ।"
বৃদ্ধজনে মোৰ চকুলৈ চালে।
"জানানে, সৰুতে মই ভাবিছিলোঁ এজন ভাল অভিযন্তা মানে যিজনে সকলো সমস্যাৰ সমাধান জানে। পিছত বুজিলোঁ, এজন ভাল অভিযন্তা সেইজনো, যিজনে কেতিয়াবা নিজৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক স্পষ্টকৈ ক'ব পাৰে—এইটো এতিয়াও সুৰক্ষিত নহয়।"
তেওঁৰ মাতটো কঁপি উঠিল।
"সকলো কাম সোনকালে সম্পূৰ্ণ কৰাটোৱেই দায়িত্ব নহয়। কেতিয়াবা এটা অমীমাংসিত কাৰিকৰী প্ৰশ্নৰ উত্তৰ বিচৰাটোও দায়িত্ব।"
মই সুধিলোঁ—
"এতিয়া মই কি কৰিব পাৰোঁ?"
তেওঁ ডায়েৰীখন বন্ধ কৰিলে।
"মই চৌব্বিশ বছৰ ধৰি যিটো কৰিব নোৱাৰিলোঁ, তুমি সেইটো কাইলৈ পুৱা কৰিব পাৰা।"
৬. এটা পানীৰ বটল
ঠিক তেতিয়াই মেঘালীয়ে আদালতৰ টেবুলৰ ওপৰত এটা সৰু বস্তু ৰাখিলে।
এটা পুৰণি প্লাষ্টিকৰ পানীৰ বটল।
বটলটোৰ গাত বিবৰ্ণ কাগজ এখন লগোৱা।
তাত এটা তাৰিখ লিখা—
১৭ অক্টোবৰ, ২০২৬।
মোৰ মনত কিবা এটা খুন্দা মাৰিলে।
তাৰিখটো চিনাকি।
মেঘালীয়ে ক'লে—
"ছাৰ, এই বটলটো চিনিব পাৰিছেনে?"
মই ভালকৈ চালোঁ।
মনত পৰিল।
সেইদিনা নৈমুখ গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলা কাৰ্যালয়লৈ আহিছিল।
হাতত পানীৰ বটল এটা।
তেওঁ কৈছিল—
"ছাৰ, আমাৰ নলীনাদৰ পানীখিনি চাবচোন। কেতিয়াবা হালধীয়া হয়। আমাৰ ঘৰত সৰু ল'ৰা-ছোৱালী আছে।"
মই বটলটো লৈছিলোঁ।
পৰীক্ষাগাৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ সহকাৰীক নিৰ্দেশ দিছিলোঁ।
কিন্তু সেইদিনাই এটা জৰুৰী পানী যোগানৰ সমস্যা আহি পৰিছিল। গোটেই দিনটো সেই কামতেই ব্যস্ত হৈ পৰিছিলোঁ।
পিছত পৰীক্ষাৰ ফলাফল বিচাৰি পুনৰ অনুসৰণ কৰাৰ কথা মনত নাথাকিল।
এটা সাধাৰণ ঘটনা।
অন্ততঃ সেইদিনা মোৰ বাবে।
মেঘালীয়ে ক'লে—
"সেই মহিলাগৰাকী মোৰ মা।"
মই স্তব্ধ হৈ গ'লোঁ।
"সেইদিনা মই মাৰ গৰ্ভত আছিলোঁ।"
আদালতখন নিস্তব্ধ।
মেঘালীয়ে বটলটো হাতত তুলি ধৰিলে।
"মায়ে কৈছিল, আপুনি বটলটো লৈ খুব ভাল ব্যৱহাৰ কৰিছিল। তেওঁ আপোনাক বিশ্বাস কৰিছিল।"
মোৰ বুকুৰ ভিতৰত কিবা এটা মোচৰ খাই উঠিল।
"আপোনাৰ মা এতিয়া ক'ত?"
মেঘালীয়ে উত্তৰ দিলে—
"জীয়াই আছে। কিন্তু নৈমুখত নহয়। গাঁওখন এৰি যাবলগীয়া হোৱা মানুহৰ মাজত মোৰ পৰিয়ালো আছিল।"
তেওঁ বটলটোৰ ফালে চালে।
"মায়ে এই বটলটো বছৰ বছৰ ধৰি সাঁচি ৰাখিছিল। কৈছিল, 'এইটো সেইদিনৰ বটল, যিদিনা মই আমাৰ গাঁৱৰ পানীৰ কথা চৰকাৰক জনাবলৈ গৈছিলোঁ।'"
তেওঁ মোৰ ফালে চালে।
"মই ডাঙৰ হৈ গৱেষক হ'লোঁ। গাঁৱৰ পানীৰ সংকটৰ ইতিহাস বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াহে বুজিলোঁ, সমস্যা আৰম্ভ হোৱাৰ বহু আগতেই সমস্যাৰ ইংগিতবোৰ কাৰ্যালয়লৈ আহিছিল।"
মই সুধিলোঁ—
"আপুনি মোক শাস্তি দিব বিচাৰে?"
মেঘালীয়ে মৃদু হাঁহিলে।
"নাই ছাৰ।"
"তেন্তে মোৰ বিৰুদ্ধে গোচৰ তৰিলে কিয়?"
তেওঁ ক'লে—
"কাৰণ মই মোৰ মাৰ সাঁচি ৰখা বটলটোৰ উত্তৰ বিচাৰিছিলোঁ।"
"কি উত্তৰ?"
"এজন মানুহে চৰকাৰক পানীৰ সমস্যা জনোৱাৰ পিছত, সেই সমস্যাটো সঁচাকৈয়ে সমাধান নোহোৱালৈকে তাৰ দায়িত্ব কাৰ?"
মই মূৰ তল কৰিলোঁ।
৭. অভিযোগৰ প্ৰকৃত কাৰণ
ন্যায়াধীশে আদালতৰ পৰ্দাত এখন নথি দেখুৱালে।
নৈমুখ পানী যোগান আঁচনিৰ ২০২৬ চনৰ মূল প্ৰতিবেদন।
মোৰ স্বাক্ষৰৰ ঠিক ওপৰত সেই বাক্যটো—
"উৎসৰ দীৰ্ঘম্যাদী বহনক্ষমতা আৰু বিকল্প ব্যৱস্থা পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰিব লাগিব।"
ন্যায়াধীশে ক'লে—
"এইটো কোনো বিভাগ, কৰ্তৃপক্ষ বা আন কোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ নহয়। ইয়াত বিচাৰ কৰা হৈছে আপোনাৰ নিজৰ এটা বিশেষ সিদ্ধান্ত।"
তেওঁ পৰ্দাত সেই বাক্যটোৰ তলত ৰঙা ৰঙেৰে আঁচ টানিলে।
"আপুনি উৎসৰ সম্ভাৱ্য বিপদৰ কথা জানিছিল। সেই কথা নথিভুক্তও কৰিছিল। কিন্তু আপোনাৰ হাতত থকা তথ্যৰ ভিত্তিত কি ধৰণৰ অধিক পৰীক্ষা আৰু অনুসৰণৰ প্ৰয়োজন, সেইটো নিৰ্দিষ্টভাৱে আগবঢ়োৱা নাছিল।"
মই ক'লোঁ—
"মই ভাবিছিলোঁ পিছত নিজেই বিষয়টো চাম।"
ন্যায়াধীশে সুধিলে—
"কিন্তু আপুনি চালেনে?"
মই নিৰৱে মূৰ তল কৰিলোঁ।
"নাই।"
ন্যায়াধীশে ক'লে—
"আপুনি লক্ষ্য কৰিছেনে, আপোনাৰ সমস্যাটো কাৰিকৰী জ্ঞানৰ অভাৱ নাছিল। আপোনাৰ অভিজ্ঞতা আছিল। সন্দেহো সঠিক আছিল।"
তেওঁ অলপ ৰ'ল।
"কিন্তু আপুনি নিজৰ সঠিক সন্দেহটোক যথাসময়ত সঠিক সিদ্ধান্তলৈ ৰূপান্তৰ কৰিব নোৱাৰিলে।"
মই সুধিলোঁ—
"তেন্তে এতিয়া মোকেই কিয় মাতিছে?"
ন্যায়াধীশে ক'লে—
"কাৰণ ২০২৬ চনৰ আপোনাৰ হাতত এতিয়াও সেই প্ৰথম সতৰ্কবাণীটো স্পষ্ট, কাৰ্যকৰী আৰু অনুসৰণযোগ্য কৰাৰ সুযোগ আছে।"
মই ক'লোঁ—
"কিন্তু তাৰ বাবে হয়তো আঁচনিখনৰ কাম কিছুদিন পিছুৱাব লাগিব। গাঁওখনৰ মানুহে পানীৰ বাবে অপেক্ষা কৰিছে।"
ন্যায়াধীশে উত্তৰ দিলে—
"সেয়াই অভিযন্তাৰ কঠিন সিদ্ধান্ত। আজিৰ মানুহক পানী দিয়াটোও জৰুৰী। আৰু অহা প্ৰজন্মৰ পানীৰ উৎস সুৰক্ষিত কৰাটোও জৰুৰী। দুয়োটাৰ মাজত সঠিক কাৰিকৰী পথ বাছি লোৱাটোৱেই আপোনাৰ পেছাৰ মূল দায়িত্ব।"
হঠাৎ আদালতৰ পৰ্দাত ৰঙা ৰঙেৰে এটা সংখ্যা জিলিকি উঠিল।
০০:০১:০০
মাত্ৰ এক মিনিট।
ন্যায়াধীশে ক'লে—
"সময়-সংযোগ বন্ধ হোৱাৰ আগতে অভিযুক্তক শেষ কথা কোৱাৰ অনুমতি দিয়া হৈছে।"
মই ক'লোঁ—
"মই যদি এতিয়া সিদ্ধান্তটো সলাওঁ, তেন্তে ২০৫০ চনৰ এই ঘটনাবোৰ সলনি হ'বনে?"
মেঘালীয়ে মোৰ ফালে চাই ৰ'ল।
বৃদ্ধ মইয়ো চাই থাকিল।
ন্যায়াধীশে ক'লে—
"আমি নিশ্চিতকৈ নাজানো। ভৱিষ্যৎ বহু সিদ্ধান্তৰ ফল। কিন্তু এটা ভুলৰ আশংকা জানিও সেইটো শুধৰাবলৈ চেষ্টা নকৰাৰ কোনো যুক্তি নাই।"
মই আকৌ সুধিলোঁ—
"তেন্তে মোৰ বিৰুদ্ধে গোচৰটো?"
ন্যায়াধীশে অদ্ভুত এটা উত্তৰ দিলে—
"সেইটোৰ ৰায় আপুনি নিজেই লিখিব।"
"মই?"
"হয়। ২০২৬ চনত আপোনাৰ কাৰ্যালয়ৰ এখন ফাইলত।"
পৰ্দাত সময় দেখুৱালে—
০০:০০:১০
মেঘালীয়ে শেষবাৰৰ বাবে মোক ক'লে—
"ছাৰ, মোক মনত ৰখাৰ প্ৰয়োজন নাই। মোৰ জন্মই এতিয়াও হোৱা নাই।"
তেওঁ অলপ ৰ'ল।
"কিন্তু যিসকল শিশুৰ জন্ম হ'বলৈ বাকী আছে, তেওঁলোকৰ কথা এবাৰ ভাবিব।"
পৰ্দাখন ক'লা হৈ গ'ল।
৮. দ্বিতীয়খন স্বাক্ষৰ
১৩ নৱেম্বৰ, ২০২৬।
পুৱা ১০ বাজি ৩০ মিনিট।
কাৰ্যালয়ত উপস্থিত হৈ সকলোতকৈ প্ৰথমে নৈমুখ পানী যোগান আঁচনিৰ ফাইলখন উলিয়ালোঁ।
পুৰণি মন্তব্যটো পঢ়িলোঁ।
"পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰিব লাগিব।"
কলমটো হাতত ল'লোঁ।
এখন নতুন কাৰিকৰী টোকা প্ৰস্তুত কৰিলোঁ।
তাত লিখিলোঁ—
"প্ৰস্তাৱিত উৎসৰ দীৰ্ঘম্যাদী বহনক্ষমতা সম্পৰ্কে পৰ্যাপ্ত তথ্য উপলব্ধ নহয়। সেয়েহে শুষ্ক বতৰৰ উৎস পৰীক্ষা, নিৰ্ধাৰিত পানীৰ গুণগত মান পৰীক্ষা আৰু বিকল্প উৎসৰ কাৰিকৰী-আৰ্থিক সম্ভাৱ্যতা জৰুৰীভাৱে সম্পন্ন কৰি প্ৰতিবেদন দাখিল কৰাৰ প্ৰস্তাৱ দিয়া হ'ল।"
"আঁচনিখনৰ কাম আগবঢ়োৱাৰ ক্ষেত্ৰত বৰ্তমানৰ পানীৰ প্ৰয়োজন পূৰণৰ লগতে ভৱিষ্যতৰ উৎস সুৰক্ষা, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ সুস্পষ্ট পৰিকল্পনা গ্ৰহণ কৰা প্ৰয়োজন।"
"উক্ত ব্যৱস্থাসমূহৰ দায়িত্ব আৰু সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণৰ বাবে বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সিদ্ধান্তাৰ্থে উপস্থাপন কৰা হ'ল।"
এইবাৰ কেৱল সতৰ্কবাণী লিখা নাছিলোঁ।
সমস্যা সমাধানৰ বাবে কি কি কৰিব লাগিব, সেইটোও স্পষ্টকৈ লিখিছিলোঁ।
তাৰ লগতে সেই গৰ্ভৱতী মহিলাগৰাকীয়ে অনা পানীৰ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদনো বিচাৰিলোঁ।
প্ৰয়োজনীয় অনুসৰণৰ ব্যৱস্থা কৰিলোঁ।
স্বাক্ষৰ কৰিলোঁ।
ফাইলখন পঠিয়াই দিলোঁ।
সেইদিনা কোনো বিশেষ ঘটনা নঘটিল।
কোনো অভিনন্দন নাহিল।
কোনো সংবাদমাধ্যমে খবৰ নকৰিলে।
কাৰ্যালয়ৰ আনবোৰ দিনৰ দৰে সেইদিনাও ফোন আহিল। কাম আহিল। নতুন ফাইল আহিল।
মইও নিজৰ দৈনন্দিন কামত ব্যস্ত হৈ পৰিলোঁ।
কিন্তু এটা কথা বাৰে বাৰে মনলৈ আহিছিল।
২০৫০ চনৰ আদালতখনৰ কি হ'ল?
মেঘালী বেগমৰ কি হ'ল?
সেই ১২,৪৭৩ জন মানুহৰ ভৱিষ্যৎ সলনি হ'লনে?
মই নাজানো।
হয়তো জানিবও নোৱাৰিম।
৯. শেষ মেছেজটো
সেইদিনা ৰাতি ঘৰলৈ উভতি আহি ভাগৰুৱা দেহাৰে বিছনাত পৰিলোঁ।
ৰাতি পুনৰ ২ বাজি ১৭ মিনিটত মোবাইলটো বাজিল।
বুকুখন ধক্ কৰি উঠিল।
আকৌ সেই অচিনাকি প্ৰেৰক।
পৰ্দাত মাত্ৰ তিনিটা শাৰী—
"গোচৰ নং ২০৫০/৪১৭"
"অৱস্থা: ভৱিষ্যৎ পুনৰ নিৰীক্ষণৰ অধীনত।"
"অভিযোগকাৰীৰ নতুন বক্তব্য সংলগ্ন কৰা হৈছে।"
কঁপা হাতেৰে সংলগ্ন ফাইলখন খুলিলোঁ।
মেঘালীৰ এটা সৰু ভিডিঅ'।
তেওঁ হাঁহি হাঁহি কৈছে—
"ছাৰ, আপোনাক এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ।"
"মোৰ মায়ে মোক সৰুতে কৈছিল, পানী যোগানৰ কাম কৰা মানুহবোৰে কেৱল পাইপ, পাম্প আৰু টেংকী নিৰ্মাণ নকৰে। তেওঁলোকে কেতিয়াবা এখন গাঁৱৰ ভৱিষ্যৎ নিৰ্মাণ কৰে।"
তেওঁ অলপ ৰ'ল।
"সেই কথা সঁচা নে মিছা মই নাজানো। কিন্তু যদি সঁচা হয়, তেন্তে আপোনালোকৰ প্ৰতিখন ফাইলত আমাৰ দৰে এতিয়াও জন্ম নোহোৱা মানুহৰো অলপ অধিকাৰ আছে।"
ভিডিঅ'টো শেষ হ'ল।
মই বহু সময় মোবাইলৰ পৰ্দাখনলৈ চাই থাকিলোঁ।
তাৰপিছত কাষৰ টেবুলখনত থকা নিজৰ সৰু ছোৱালীজনীৰ পানীৰ বটলটোলৈ চকু গ'ল।
কাইলৈ পুৱা তাই সেই বটলটো লৈ স্কুললৈ যাব।
তাই নিশ্চিন্তে পানী খাব।
তাই নাজানে সেই পানীখিনি ঘৰৰ টেপলৈ আহিবলৈ কিমান মানুহৰ পৰিশ্ৰম লাগে।
কিমান পৰিকল্পনা, কিমান গণনা, কিমান পৰীক্ষা, কিমান নিশাৰ জৰুৰী কাম আৰু কিমান দায়িত্বৰ প্ৰয়োজন হয়।
জানিবৰ প্ৰয়োজনো নাই।
কাৰণ শিশুৱে পানী খোৱাৰ আগতে এজন অভিযন্তাৰ কাৰিকৰী প্ৰতিবেদন পঢ়িব নালাগে।
সেইটো পঢ়িব লাগে অভিযন্তাজনে।
সেই নিশা প্ৰথমবাৰৰ বাবে মই উপলব্ধি কৰিলোঁ—
এজন অভিযন্তাই কৰা ভুলৰ ফল ভৱিষ্যতৰ মানুহে ভুগিব পাৰে। কিন্তু এজন অভিযন্তাই সঠিক সময়ত গ্ৰহণ কৰা সঠিক সিদ্ধান্তৰ সুফলো হয়তো এনে বহু মানুহে পাব, যিসকলৰ মুখ তেওঁ কেতিয়াও দেখা নাপাব।
মই মোবাইলটো বন্ধ কৰি দিলোঁ।
আৰু বহুদিনৰ মূৰত এক অদ্ভুত শান্তি অনুভৱ কৰিলোঁ।
কাৰণ সেইদিনা মই এখন ফাইলত কেৱল স্বাক্ষৰ কৰা নাছিলোঁ।
মই মোৰ অদেখা ভৱিষ্যৎ প্ৰজন্মৰ ওচৰত এটা দায়িত্ব স্বীকাৰ কৰিছিলোঁ।
উপসংহাৰ
আজি আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকলে যেতিয়া এখন পানী যোগান আঁচনিৰ প্ৰাক্কলন প্ৰস্তুত কৰোঁ, উৎস নিৰ্বাচন কৰোঁ, পৰীক্ষাৰ প্ৰতিবেদন দিওঁ, পাইপৰ ব্যাস নিৰ্ধাৰণ কৰোঁ, পৰিশোধন ব্যৱস্থা পৰিকল্পনা কৰোঁ অথবা কাৰিকৰী মতামত আগবঢ়াওঁ, তেতিয়া সেই সিদ্ধান্তবোৰৰ প্ৰভাৱ কেৱল আজিৰ দিনটোতে সীমাবদ্ধ নাথাকে।
আমাৰ কামৰ সফলতা কেতিয়াবা উদ্বোধনী অনুষ্ঠানত দেখা যায়।
কিন্তু আমাৰ সিদ্ধান্তৰ প্ৰকৃত পৰীক্ষা হয়তো বহু বছৰৰ পিছতহে হয়।
যেতিয়া আমি সেই পদবীত নাথাকিম।
যেতিয়া আমাৰ ঠাইত অন্য অভিযন্তা আহিব।
যেতিয়া আঁচনিখনৰ উদ্বোধনী ফলকখনৰ ৰং ম্লান হৈ যাব।
আৰু যেতিয়া আজিৰ কোনো নৱজাতক শিশু ডাঙৰ হৈ নিজৰ সন্তানক সেই একেটা টেপৰ পৰা পানী ভৰাই দিব।
সেইদিনাও যদি নিৰাপদ পানী আহি থাকে, তেন্তে সেয়াই হ'ব আমাৰ কৰ্মজীৱনৰ এক নীৰৱ সাফল্য।
কোনো পদক নালাগে।
কোনো প্ৰশংসাপত্ৰ নালাগে।
কোনো সংবাদ শিৰোনামো নালাগে।
কাৰণ এজন অভিযন্তাৰ আটাইতকৈ ডাঙৰ স্বীকৃতি হয়তো সেই মানুহজনৰ নিশ্চিন্ত জীৱন, যিজনে কেতিয়াও নাজানিব—তেওঁৰ বাবে কোনজন অভিযন্তাই কেতিয়া কি কৰিছিল।
আৰু হয়তো এই কাৰণেই আমাৰ প্ৰতিখন কাৰিকৰী ফাইলৰ একেবাৰে শেষত, স্বাক্ষৰ কৰাৰ আগতে, মনে মনে নিজকে এটা প্ৰশ্ন কৰা উচিত—
"২০৫০ চনত যদি মোৰ এই সিদ্ধান্তটোৰ বিচাৰ হয়, মই মোৰ আজিৰ স্বাক্ষৰটোৰ সপক্ষে থিয় দিব পাৰিমনে?"
লেখকৰ টোকা: এই ৰচনাখন সম্পূৰ্ণ কল্পনাপ্ৰসূত। ইয়াত উল্লেখিত আদালত, চৰিত্ৰ, গাঁও, আঁচনি আৰু ঘটনাক্ৰম কাল্পনিক। ইয়াৰ উদ্দেশ্য কোনো ব্যক্তি, বিভাগ, কৰ্তৃপক্ষ বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নহয়; বৰং জনস্বাস্থ্য অভিযান্ত্ৰিক সিদ্ধান্তৰ দীৰ্ঘম্যাদী প্ৰভাৱ আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ পেছাগত দায়বদ্ধতাক এক ভিন্ন সাহিত্যিক দৃষ্টিকোণৰ পৰা উপস্থাপন কৰা।