Poetry · Assamese

দায়িত্ব

এটা ক'লা কোঠালি,
জীৱন যাতনাত অভ্যস্ত এটা মন
মাজে মাজে সৰু কিৰণ এচোহাত কিবা যেন
জিলিকিছিল,
মন দি চালো,
সেয়া চোন
দায়িত্বৰ ধূলি...
নিমগ্ন হৈ তাকেই চালো,
একেৰাহে, একেথৰে..
চুই চালো, বান্ধি চালো
নৰয় চোন হাতৰ মুঠিত,,,
ইমান উগ্ৰ নে তোৰ পাখি...!