Memoir · Assamese

আমনি নলগা দিনবোৰ সুঁৱৰি দুআষাৰ!

খুউব বেছি এতিয়ালৈ গণিব লগা হোৱা নাই বছৰবোৰ৷ চাকৰি জীৱনত ইজনে সিজনৰ সুখ-দুখৰ সতীৰ্থ হৈ থাকি আজৰি হোৱা চাৰিটা বছৰ পাৰ হৈ গ'ল৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই বৃহৎ পৰিয়ালটোৰ সদস্য ৰূপে থকা সময়খিনিত সামাজিক সাংস্কৃতিক ৰাজনৈতিক কোনো সংগঠনৰ নিমন্ত্ৰণ আহিলে মুখত লাগি আছিল এক অজুহাত!

-এক্কেবাৰে টাইম নাই বুজিছে৷

চৰকাৰী আঁচনি ৰূপায়ণ, ডি চি অফিচৰ মিটিং, মন্ত্ৰী মহোদয় অথবা চিফ চেক্ৰেটাৰীৰ ভিডিঅ’ কনফাৰেন্স মুঠতে এবুৰিমান সমস্যাৰ মাজতো উজ্জীৱিত হৈ আছিল মনবোৰ ৷ লগতে আছিল এক শীতল প্ৰতিযোগিতা সতীৰ্থ অভিযন্তা সকলৰ সৈতে ৷ কোনোজনে মোতকৈ বেছি আস্থা গোটাব পাৰিছে নেকি উৰ্ধতম কৰ্তৃপক্ষৰ !

সুস্থ প্ৰতিযোগিতা আছিল৷ নাছিল কোনো উখনা উখনি৷ নিজা মগজুৰে পাতলাব নোৱাৰা চৰকাৰী কামৰ সমস্যাবোৰ ভগাই লৈছিলোঁ ইজনে সিজনৰ মাজত৷ এক শৃংখলিত ক্ৰিকেট টিমৰ সদস্যৰ দৰে আগবঢ়াই নিছিলোঁ দিনবোৰ৷

কিন্তু ইমানবোৰ উদ্বিগ্নতা, ইমানবোৰ সমস্যাৰ মাজতো আমনি লগা নাছিল৷ আনন্দ উলাহৰ নৈত গা-মন জুবুৰিয়াই চলি গৈ আছিলোঁ আমিবোৰ৷

কিন্তু এতিয়া সেই বাধ্যবাধকতা নাই ৷ টেনছনত পেলাব পৰা এম এল এ, মন্ত্ৰী মহোদয়ৰ ফোনকলবোৰো নাই৷ তাৰ ঠাইত আহি পৰিছে আমনিদায়ক দিনবোৰ৷ ব্যস্ততাহীন অৱসৰী জীৱন বহুজনৰ ৷ লগৰীয়া হৈ উঠিছে এৰি অহা দিনবোৰৰ তিতা কেঁহা সোঁৱৰণি৷

গ্ৰামাঞ্চলৰ ৰাইজক বিশুদ্ধ পানী যোগান সংকল্পৰে ৰাইজক সেৱা কৰি অহা  বিভাগ এটাতহে নব্বৈ দশকৰ শেষৰ পিনে আমি সোমাইছিলোঁ ৷ চাকৰি কালৰ শেষৰ দশকটোত কিন্তু আমি একেবোৰ মানুহে “ মিশ্যন” নাম লৈ আগবঢ়া বিভাগটোৰ সেনানী হৈ উঠিব লগা হ'ল৷ “স্বচ্ছ ভাৰত মিশ্যন”, “জল জীৱন মিশ্যন ” দুয়োটাই চকুৰ টোপনি নাইকিয়া কৰিবলৈ ললে৷

ট্ৰেজেডীৰ কথা, মিশ্যন সম্ভৱ কৰিবলৈ কেৱল বিভাগৰ বিষয়া কৰ্মচাৰীৰহে যেন দায়িত্ব আছিল৷ ৰাজহুৱা অংশীদাৰীত্ব তথা সহযোগিতা আদায় কৰাটো কঠিন আছিল ৷

অনাময় শৌচাগাৰ সাজিবলৈ আগদিনা আবেলি হিতাধিকাৰীৰ ঘৰৰ সমুখৰ পথৰ দাঁতিত থৈ অহা ইটাৰ দম। ৰাতিৰ ভাগতে নোহোৱা হৈ পৰিছিল৷ পিচদিনা পুৱা একেজন হিতাধিকাৰীৰ শোৱনি কোঠাৰ বাঁহৰ বিচনাৰ তলত এন জি অ'ৰ সদস্যই আবিষ্কাৰ কৰিছিল হেৰোৱা ইটাবোৰ৷

একেদৰে গাহৰি পালন কৰা জনগোষ্ঠীয় ৰাইজৰ মাজত শৌচাগাৰ সাজিবলৈ বিভিন্নধৰণে বুজনি দিবলগীয়া হৈছিল ৷ কাৰন  সেইবোৰ গাঁৱত এই মিশ্যনৰ সফলতাই গাহৰিৰ খাদ্যৰ অভাৱ ঘটাব বুলি তেওঁলোকৰ ধাৰণা উপজিছিল৷ ৰাইজৰ গালি শপনি আৰু আমাৰ হাঁহি ধেমালি দুয়োটাৰে খিচিৰিৰ সোৱাদ লৈ আগবঢ়াই নিছিলো আমাৰ কৰ্মজীৱন ৷

জলজীৱন মিশ্যনে নাকনি কাকনি কৰি থকা খবৰ পাই থাকোঁ কাকতে পত্ৰই ৷ একেটা কথাই প্ৰযোজ্য ইয়াতো ৷ বহু ঠাইত ৰাইজৰ সঁহাৰি আছিল দুৰ্লভ৷ দুডাল পাইপ পুতি দমকলৰ পানী খাব পৰা ৰাইজে মাচুল ভৰি নঙলা মুখত পানীৰ টেপৰ সুবিধা লবলৈ অনীহা দেখুৱাইছিল ৷ নাজানো,এতিয়া হয়টো পৰিস্থিতি সুষম হৈ উঠিছে৷

ব্যক্তিগত ভাৱে এতিয়া আমি মাজে মধ্যে  গ্ৰামাঞ্চললৈ যাবলগীয়া হয়৷ সামাজিক সাংস্কৃতিক সংগঠন দুটামানৰ সৈতে জড়িত হৈ থাকিবলগীয়া হোৱা বাবে ৷ বাতৰি কাকতত জলজীৱন আঁচনিৰ পানীযোগান বিসংগতি সম্পৰ্কীয় বাতৰি সমূহৰ উদ্ধৃতি দি, একে বিভাগৰ পেন্সনাৰ বিষয়া হিচাবে ৰাইজৰ কিছু সংখ্যকে আমাকো প্ৰশ্ন কৰে৷ বিভাগীয় অভিজ্ঞতাৰ পৰা উত্তৰ দিবলৈ যত্ন কৰোঁ নিষ্ঠা সহকাৰে ৷ লগতে এইটোও সঁকিয়াই দিওঁ,

জনসাধাৰণৰ সহযোগিতাইহে সফল আৰু নিৰন্তৰ পানীযোগানৰ নিশ্চয়তা দিব পাৰে ৷ আচৰিত হবলগীয়া কথা, এনে কিছুমান সভাত পঞ্চায়তৰ প্ৰতিনিধিজনো উপস্থিত থাকে৷ কিন্তু তেখেতেও নজনা বুলি কয়, জল জীৱন আঁচনি সুচাৰুৰূপে পৰিচালনাত ন্যস্ত পঞ্চায়তৰ দায়িত্বৰ কথা৷

মোৰ বোধেৰে চৰকাৰী আঁচনি কাৰ্যকৰীকৰণত আমাৰ বিভাগটোয়েই একমাত্ৰ বিভাগ - যি জনসাধাৰণৰ নিকট দৃষ্টিত থাকে ৷ উদাহৰণ স্বৰূপে লোকনিৰ্মাণ বিভাগলৈ মন কৰক৷ ৰাইজৰ যাতায়তৰ বাবে নিৰ্মাণ কৰা পথ এটাৰ দুৰৱস্থাৰ বাতৰি ওলাই থাকিলেও পথচাৰীয়ে ইয়াৰ ব্যৱহাৰ চলাই থাকে৷ জলসম্পদ বিভাগৰ সমালোচনা কেৱল বানপানী হৈ থকা দিনকেইটাত ৷ একেদৰে পানীৰ অভাৱত পথাৰৰ মাটি চিৰাল ফটাৰ দৰে হৈ পৰা বুলি খৰাঙ মাহত দুদিনমান কাকতত বাতৰি ওলোৱাৰ পিছত নিৰ্বিকাৰ হৈ থাকিব পাৰে জলসিঞ্চন বিভাগ৷

কিন্তু একে অৰ্হতা লৈ বিভাগ চলোৱা আমাৰ বিভাগীয় অভিযন্তাসকলে কিবা যেন শাওপাতহে লৈ আহিছে ! ঘৰৰ সমুখৰ টেপটোত পানী নোলালেই ফোন - শাখা বিষয়াজনলৈ ৷ বিভাগীয় চেষ্টাৰ পিছতো পাৱাৰ বিল জমা দিব নোৱাৰি, পানীযোগান আঁচনি বন্ধ হৈ গলে ডিভিজন ইঞ্জিনিয়াৰৰ বিপৰীতে একাধিক অভিযোগ আনি সাংবাদিক  মাতি ডিঙিৰ শিৰ ফুলাই বাইট দিয়া সমাজসেৱকৰ উপদ্ৰৱ আছেই৷ অৰ্ধশিক্ষিত আৰ টি আই কৰ্মীয়ে আমাৰ বিভাগৰ তীক্ষ্ণ অভিযন্তাক এষ্টিমেটত ভুল ধৰা হাস্যস্পদ কাৰবাৰবোৰৰ কথা নকলোৱেই বা৷

পাৰ কৰি অহা দিনবোৰৰ অভিজ্ঞতাৰ পৰা জানোঁ, এখন আঁচনি বন্ধ হৈ থাকিলে অপৰাধবোধত ভুগি থাকে আমাৰ এইসকল  সতীৰ্থ অভিযন্তাই ৷ চৰকাৰী পুঁজিৰ আবণ্টন, হিতাধিকাৰীৰ অনীহা আৰু কেতিয়াবা ৰাজনৈতিক হেঁচাত কৰ্মাদেশ পোৱা অনুপযুক্ত ঠিকাদাৰৰ কাম—  ইত্যাদি বিভিন্ন কাৰকে আমাৰ মানুহখিনিৰ দক্ষতা ঋণাত্মক ভাৱে প্ৰতিফলিত কৰায়৷

এইখিনিতে আমাৰ মনলৈ অহা চিন্তা অকণ বেকত কৰিব বিচাৰিছোঁ ৷ বিভাগৰ অদক্ষতা বুজাবলৈ মেডিয়াত ওলোৱা সমালোচনামূলক নিউজ আৰু ভিউজৰ প্ৰত্যুত্তৰ দিবলৈ বিভাগৰ কোনো দুই তিনিজন বিষয়াক সাজু কৰি ৰাখিব নোৱাৰিনে? যিসকলে বন্ধ হৈ থকা আঁচনিখনৰ প্ৰকৃত কাৰণটো সংগ্ৰহ কৰি ৰাইজৰ জ্ঞাতাৰ্থে জনাব পাৰে ৷ সময়ে সময়ে প্ৰেছমেল পাতি  অথবা প্ৰিণ্ট মেডিয়াৰ জৰিয়তে ৷ আমাৰ ধাৰণা, বিভাগৰ ভাৱমূৰ্তি হয়টো এই কাৰ্যই ৰাইজৰ চকুত পৰি আমনিদায়ক দিনবোৰ  কিছু উজ্জ্বল কৰি তোলাৰ সম্ভাৱনা থাকিব৷

বিভাগৰ প্ৰাক্তন বিষয়া হিচাবে ক’ৰবাত অকণমান সমালোচনা দেখিলেই মনটো আমাৰ সেমেকি উঠে৷ নিশ্চিত আমি, আমাৰ অনুজ কৰ্মনিষ্ঠ  অভিযন্তাসকলে প্ৰাণপনে যুঁজি আহিছে, ৰাইজক সৰ্বোত্তম সেৱা জনাবলৈ৷ স্বীকৃতি কোনোবাই দিয়ক নিদিয়ক, আগবাঢ়ি যাওক আপোনালোক!  আমাৰ সদিচ্ছা আৰু শুভেচ্ছা সদায় আপোনালোকৰ সৈতে থাকিব৷