Tribute · Assamese

মোৰ নাই কোনো জাতি নাই কোনো ধৰ্ম — মোৰ বিহংগম দৃষ্টিত জুবিন

মানুহ আহে মানুহ যায় এই ধৰা লৈ

সময়ৰ বলুকাত নিজৰ খোজ থবলৈ...

পৃথিৱী নাট ঘৰ।নিজৰ নাট প্ৰদৰ্শন কৰিবলৈ মানৱৰ সোঁত অনন্ত কালৰ পৰা বৈ আহিছে , বৈ থাকিব। কোনোৱে উন্নত নাট প্ৰদৰ্শনেৰে, কোনোৱে গতানুগতিক ভাৱে জীৱন নাটৰ সামৰণি মাৰিছে। ই শাশ্বত।

যিসকলে নিজৰ কৰ্মৰ দ্বাৰা ক্ষন্তেকীয়া জীৱন জিনিবলৈ সক্ষম হৈছে তেওঁলোকে সময়ৰ বলুকাত সোণালী আখৰেৰে নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গেও সকলোৰে হৃদয় জয় কৰি অসমীয়াৰ হিয়াৰ আমঠু হিচাপে চিৰকাললৈ সাঁচ বহুৱাই গৈছে।

মাত্ৰ ৫৩ বছৰ জীৱিত থাকি নিজ কৰ্ম, চিন্তা-চেতনা, আদৰ্শৰ দ্বাৰা সমগ্ৰ অসমীয়াৰ লগতে বিশ্ব বাসীৰ হৃদয় আলোড়িত কৰি অসমীয়াৰ হিয়াৰ আমঠু হৈ পৰিব পৰাতো কম কথা নহয়। সেইয়া জুবিনৰ ক্ষেত্ৰতহে সম্ভৱ। চল্লিছটা ভাষাত ৰেকৰ্ড সংখ্যক আঠত্ৰিশ হেজাৰ গান গোৱা, বহু সংখ্যক গান, কবিতা লিখা, অসমীয়া বোলছবি পৰিচালনা, নিৰ্মাণ, অভিনয়, সংগীত পৰিচালনা কৰা, বিপদৰ সময়ত অসমবাসীক নেতৃত্ব দিয়া, বিপদগ্ৰস্ত লোকক সহায়ৰ সাৰথি হৈ ঠিয় দিয়া, ক'ত গুণৰ অধিকাৰী আছিল জুবিন।

সেয়ে মোৰ অনুভৱত...

জুবিন মানেই গান অসমীয়াৰ প্ৰাণ

নৱ প্ৰজন্মৰ মাজত হৃদয়ৰ তান

বিলালা সৌৰভ

অসমীয়াৰ গৌৰৱ

গান, চিনেমা অভিনয়ত কত দিলা দান।

জুবিনৰ প্ৰতিটো গানত, কথাত, চিন্তাত এটা বাৰ্তা বহন কৰিছিল-- সুন্দৰ জীৱনৰ, সুন্দৰ সমাজৰ...

জুবিনৰ গানে দিয়ে জীৱনৰ বাৰ্তা

সুৰৰ বন্যাই বোৱাই প্ৰশান্তিৰ মাত্ৰা

অন্তৰ পৰে ভৰি

বিষাদতা নোহোৱা কৰি

ব্লু-টুথত তোমাৰ গান যেতিয়াই কৰোঁ যাত্ৰা।

জীৱিত কালত লিখিছিলোঁ...

সাংস্কৃতিক পথাৰত ভোটা তৰা তুমি

তোমাৰ সৃষ্টিৰাজী চাওঁ জুমি জুমি

দি যোৱা আৰু দান

উজ্জ্বলাই অসমৰ মান

সৃষ্টিৰ পথাৰে যাওক আকাশ চুমি।

জুবিনৰ মৃত্যুত অসমত কান্দোনৰ ৰোল উঠিল। জীৱন স্তব্ধ হৈ পৰিল, হৃদয়বোৰ ভাগি থান বান হ'ল। সেয়ে মৃত্যুৰ দিনা লিখিছিলোঁ..

জুবিন তোমাক জনালোঁ বিদায়

ভগৱানৰ ওচৰত থাকিবা সদায়

পুনৰ জন্ম ললে আহিবা অসমলৈ

আমাৰ হিয়াত আকৌ সুভাষ বিলাবলৈ...

দ্বিতীয়তে লিখিছিলোঁ...

তোমাৰ মৃত্যুৰ বাতৰিত শ্বাস ৰুদ্ধ

হৃদয়ৰ স্পন্দন হৈ পৰিল স্তব্ধ

অসম জয় পৰিল

আৱেগৰ ধল পৰিল

আকাশে বতাহে ঐ জুবিনদা হে উপলব্ধ।

মানৱৰ শ্মশান স্থলীয়ে মন্দিৰৰ ৰূপ লোৱা দৃষ্টান্ত নাছিল। কিন্তু জুবিনৰ শ্মশানে ল'লে মন্দিৰৰ ৰূপ। তেওঁক ঈশ্বৰ পুত্ৰ আখ্যাৰে দৈনিক ভিন্ন ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় নাম-গুণ, কীৰ্তনৰ স্থলী হৈ পৰিল। দৈনিক হাজাৰ হাজাৰ লোকৰ আগমন ঘটিল।এক পবিত্ৰ ধামলৈ ৰূপান্তৰিত হ'ল।

সেয়ে লিখিছিলোঁ..

মানৱৰ সোঁতৰ নাই পাৰাপাৰ

মহা নায়ক তুমি সমূহ জনতাৰ

উৰ্দ্ধত জাতি ধৰ্মৰ

পৰিচয় দি কৰ্মৰ

ঈশ্বৰ পুত্ৰৰ নিদৰ্শন দিলা বাৰ বাৰ।

দ্বিতীয়তে লিখিছিলোঁ...

শ্মশানে ল'লে ৰূপ উপাসনাৰ স্থলী

মায়াবিনী হ'ল প্ৰাৰ্থনাতকৈ শক্তিশালী

ধূপ দীপ বন্তি জ্বলে

অনুৰাগী দলে বলে

জুবিন দা অমৰ হওক- কামনা অতিবলী।

সকলো জীৱক একে জ্ঞান কৰিব পৰাটোৱে মানৱতা। যত জীৱ তত শিৱ- ধাৰণা লৈ মানুহ, জীৱ-জন্তুক সমান জ্ঞান কৰি, ভিন্ন ধৰ্মীয় চিন্তাধাৰাৰ উৰ্ধত থাকি যি দৃষ্টান্ত ৰাখি গলা এইয়াই সঁচা মানৱীয়তা।তোমাক পুনৰ শ্ৰদ্ধা নিবেদিলোঁ।

মোৰ অনুভৱত...

মোৰ নাই কোনো জাতি নাই কোনো ধৰ্ম

সকলোৰে বাবে মোৰ সাৰ্বজনীন কৰ্ম

সকলো সুহৃদ মোৰ

তোলো গানতেই সুৰ

সকলোকে ঈশ্বৰ জ্ঞান জীৱনৰ মৰ্ম।

দ্বিতীয়তে লিখিছিলোঁ...

দুখীয়া ধনী বুলি নাই ভেদাভেদ

উচ্চ নীচ বুলিও নাছিল কোনো খেদ

চিন্তাৰ মহানতা

জীৱনৰ সাৰ্থকতা

বিলালা সৌৰভ তোমাৰ নাৰাখি প্ৰভেদ।

জুবিনৰ মৃত্যুৱে দি গ'ল শৈল্পিক দৃষ্টান্ত। ভেদাভেদ পৰিহৰি সকলো এক হোৱাৰ আহ্বান। এক মানৱতাবাদী অসমীয়া জাতি হোৱাৰ সংকল্প।

মোৰ অনুভৱ...

তোমাৰ মৃত্যুও এটা নিখুঁত শিল্প

সকলোকে এক হোৱাৰ দিলা বিকল্প

জাতি ধৰ্মৰ প্ৰভেদ

এক অসমীয়া অভেদ

সকলোৰে প্ৰাণত জগালা এই সংকল্প।

জুবিনৰ গুণৰাজী জীয়াই ৰাখিবলৈ অসমবাসীয়ে অনেক ব্যৱস্থা লৈছে। লখিমপুৰৰ "স্পন্দন" এক সামূহিক প্ৰয়াসৰ প্ৰতিফলন। স্পন্দনে তেওঁৰ পচপন্ন সংখ্যক জন্মদিন উদ্‌যাপনৰ আয়োজন কৰিছে। আন্তৰিক শুভ কামনা জনালোঁ।জুবিনলৈ জন্মদিনৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তোমাৰ আদৰ্শ ৰাজী জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিলোঁ